গুৱাহাটী, 16 জুনঃৰাজ্যত কৰ'ণা ভাইৰাছৰ বিভীষিকা চলি থকাৰ মাজতেই 2021 লোকসভা নিৰ্বাচনক লৈ বিশেষ ৰণকৌশল প্ৰস্তুত বিজেপিৰ । মঙলবাৰৰ পৰা গেৰুৱা দলটোৱে ৰাজ্যজুৰি আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান ।
ৰাজ্যখনৰ 50 লাখ পৰিয়ালক সামৰি ল'ব এই অভিযানে । এই কাৰ্যসূচী অনুসৰি মহানগৰীৰ মালিগাঁৱত প্ৰায় 20 জনকৈ বিশিষ্ট লোকক সাক্ষাৎ কৰে বিজেপিৰ গুৱাহাটী জিলাৰ সভাপতি মৃগেন শৰণীয়াই ।
50 লাখ পৰিয়ালক সামৰি বিজেপিৰ জনসম্পৰ্ক অভিযান মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সফলতাৰ খতিয়ান দাঙি ধৰে দলীয় কাৰ্যকৰ্তাই ।
ইফালে কৰ'ণা সৃষ্ট পৰিৱেশৰ মাজতে বিজেপিয়ে এনেদৰে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজনৈতিক মুনাফাৰ আশাত কৰ'ণাৰ ভয়াৱহতাক একাষৰীয়া কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন সচেতন মহলে ।
লগতে চাওকঃ তিনিচুকীয়াত পুনৰ অইলৰ পাইপলাইন ফাটি নিগৰিছে তেল