অসম

assam

By

Published : Jul 7, 2020, 4:29 PM IST

ETV Bharat / city

সঁচাকৈয়ে কংগ্ৰেছ ত্যাগ কৰিব নেকি অজন্তা নেওগে

একাংশ বৈদ্যুতিন মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ অপ প্ৰচাৰক বিশ্বাসত নল'বলৈ দলীয় কৰ্মী সকলক আহ্বান জনাইছে বিধায়িকা অজন্তা নেওগে ৷

Don't resigne From Congress Party Said By MLA Ajanta Neog
মই কেতিয়াও দল ত্যাগ নকৰোঃ অজন্তা নেওগ

গুৱাহাটী,7 জুলাইঃ গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ বিজেপিত যোগদান কৰিব বুলি প্ৰকাশ পোৱা বাতৰিটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে অজন্তা নেওগ ৷ নিজৰ স্থিতি স্পষ্ট কৰি সাংবাদ মাধ্যমলৈ প্ৰতিলিপি প্ৰেৰণ কৰে বিধায়িকা গৰাকীয়ে ৷

মই কেতিয়াও দল ত্যাগ নকৰোঃ অজন্তা নেওগ

কৰ'ণা মহামাৰীৰ সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে আগন্তুক নিৰ্বাচনৰ কুচ-কাৱাজ । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বহু ৰাজনৈতিক নেতা-বিধায়ক ইটো দলৰ পৰা সিটো ৰাজনৈতিক দললৈ যোৱাৰ মন মেলিছে । শেহতীয়াকৈ গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি বহু চৰ্চা লাভ কৰিছিল ।

কিন্তু এই সন্দৰ্ভত ইতিমধ্যে মুখ খুলিছে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে । তেওঁৰ বিজেপি গমনৰ বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । কংগ্ৰেছ দল এৰি মই কেতিয়াও আন দলত যোগদান নকৰো বুলি উল্লেখ কৰে ৷ লগতে এয়া তেওঁৰ বিৰুদ্ধে কোনোৱে ষড়যন্ত্ৰ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে । লগতে একাংশ বৈদ্যুতিন মাধ্যমত প্ৰকাশ পোৱা এই বাতৰিটো ভিত্তিহীন ৷ লগতে দলীয় সমৰ্থক তথা কৰ্মী সকলক এনেধৰণৰ অপ প্ৰচাৰক বিশ্বাসত নল'বলৈ আহ্বান জনাইছে বিধায়িকা গৰাকীয়ে ৷

লগতে পঢ়ক- টীয়কত পানী যোগান আঁচনিৰ ধন মোকলাই নিয়াৰ অভিযোগ

ABOUT THE AUTHOR

...view details