গুৱাহাটী, ৬ জানুৱাৰী :দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো অধিক ভয়াৱহ হৈ পৰিছে ক’ভিড পৰিস্থিতি(COVID situation in Assam) । বিগত কিছুদিন ধৰি ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ দ্ৰুত অবনতি ঘটিছে। যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । বৃহস্পতিবাৰৰ দিনটোত অসমত নতুনকৈ ৮৪৪ জনৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰিছে (Latest COVID update of Assam) । আটাইতকৈ উদ্বেগজনক কথাটো হ’ল ইয়াৰে ৩৬৯ গৰাকীয়েই হৈছে গুৱাহাটী মহানগৰীৰ ।
বৃহস্পতিবাৰৰ দিনটোত ক’ভিডত দুজন লোকৰ মৃত্যু হয় (COVID related death in Assam) । ক’ভিড পজিটিভিটি হাৰ হৈছে ২.৩৭ শতাংশ । বুধবাৰে এই হাৰ আছিল ১.৭২ শতাংশ । দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । বুধবাৰে কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা আছিল ২৭৯ গৰাকী । অৰ্থাৎ বুধবাৰৰ তুলনাত আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৯০ জন বৃদ্ধি পাইছে । আনহাতে ৪ জানুৱাৰিত কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা আছিল ১৯০গৰাকী ।