অসম

assam

By

Published : Mar 9, 2020, 9:48 PM IST

ETV Bharat / city

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্মীৰ স্বাস্থ্য পৰীক্ষা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ'ণাভাইৰাছ আতংক ৷ উদ্যানখনৰ হাতীৰ মাউতৰ লগতে জিপ চালকৰ স্বাস্থ্য পৰীক্ষা ৷

উদ্যান কৰ্মীৰ স্বাস্থ্য পৰীক্ষা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

গুৱাহাটী, 9 মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা আমেৰিকাৰ এগৰাকী পৰ্যটকৰ শৰীৰত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পাচৰে পৰা চিন্তিত হৈ পৰিছে ৰাজ্যবাসীৰ লগতে অসম চৰকাৰ ৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত পৰ্যটকগৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে ৷ পৰ্যটক গৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত হাতী চাফাৰীৰ লগতে জিপ চাফাৰী কৰা বুলি নিশ্চিত হোৱাৰ পিছত উদ্যানখনৰ কেইবাগৰাকী হাতীৰ মাউত আৰু এগৰাকী জিপ চালকৰ স্বাস্থ্যৰ পৰীক্ষা কৰিছে স্বাস্থ্য বিভাগৰ এটা দলে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্মীৰ স্বাস্থ্য পৰীক্ষা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বর্তমান ভূটানৰ ৰাজধানী থিম্ফুৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আমেৰিকাৰ পৰ্যটক গৰাকী ভূটানলৈ যোৱাৰ পূৰ্বে অসম ভ্ৰমণ কৰিছিল ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এশিঙীয়া গঁড়ৰ বিচৰণভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মাজুলীও ভ্ৰমণ কৰিছিল তেওঁ ৷ পৰ্যটক গৰাকীয়ে কাজিৰঙাৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা এম ভি মহাবাহু নামৰ বিলাসী জাহাজখনৰ সকলো কৰ্মীৰে ইতিমধ্যে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ পৰ্যটক গৰাকীয়ে গুৱাহাটীত থকা হোটেলখনৰ এটা মহল ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আৰু পঢ়ক : বাংগালুৰুত কৰ'ণাত আক্ৰান্ত এজন : ভাৰতত 44 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

For All Latest Updates

ABOUT THE AUTHOR

...view details