অসম

assam

মহানগৰীৰ মাজমজিয়াত বাল্য বিবাহৰ ঘটনা

মহানগৰীৰ মাজমজিয়াত বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে ৷ বিবাহৰ প্ৰস্তুতি চলি থাকোতে 'চাইল্ড লাইন' ফাউণ্ডেশ্বন আৰু গোশালা আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰীগৰাকীক ৷

By

Published : Aug 18, 2019, 10:39 PM IST

Published : Aug 18, 2019, 10:39 PM IST

মহানগৰীৰ মাজমজিয়াত বাল্য বিবাহৰ ঘটনা

গুৱাহাটী, 18 আগষ্ট : এইবাৰ গ্ৰামাঞ্চল নহয়, গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা ৷ দেওবাৰে মহানগৰীৰ মালিগাঁও ৰাজীৱ নগৰৰ বাসিন্দা ৰফিকুল ইছলামৰ লগত ধুবুৰী জিলাৰ এগৰাকী কিশোৰীৰ বিবাহৰ প্ৰস্তুতি চলি আছিল ৷ এনে সময়তে 'চাইল্ড লাইন' নামৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অধীনৰ এক আঁচনিৰ কৰ্মকৰ্তা সকলে এই খবৰ লাভ কৰাত উপস্থিত হয়গৈ বিবাহস্থলীত ৷

মহানগৰীৰ মাজমজিয়াত বাল্য বিবাহৰ ঘটনা

প্ৰস্তুতিৰ মাজৰ পৰাই কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাইল্ড লাইন ফাউণ্ডেশ্বন আৰু গোশালা আৰক্ষীয়ে । বৰ্তমান দুয়োটা পৰিয়ালৰ লগত সোধা - পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে, কিশোৰীগৰাকীক উদ্ধাৰ কৰি তদন্তৰ বাবে নিজৰ জিম্মাত ৰাখিছে ফাউণ্ডেশ্বনে । উল্লেখযোগ্য যে, মহানগৰীত সংঘটিত এনে ঘটনাই সভ্য সমাজক লজ্জানত কৰি তুলিছে ।

ABOUT THE AUTHOR

...view details