অসম

assam

By

Published : Jun 13, 2020, 9:07 PM IST

ETV Bharat / city

বাঘজান যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰে বৈঠক ধৰ্মেন্দ্ৰ প্ৰধানৰ

শনিবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷

Chief Minister Sarbananda Sonoal Meeting With Minister Dharmendra Pradhan
বাঘজান যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰে বৈঠক ধৰ্মেন্দ্ৰ প্ৰধানৰ

গুৱাহাটী, ১৩ জুনঃবাঘজানৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ পেট্ৰ'লিয়াম দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকত মিলিত হয় । ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাঘজানৰ শেহতীয়া অৱস্থাৰ বিষয়ে ৰাজ্য প্ৰশাসনৰ পৰা বুজ লয় । মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বাঘজানত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে ।

বাঘজান যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰে বৈঠক ধৰ্মেন্দ্ৰ প্ৰধানৰ

উল্লেখ্য যে,আজি নিশাটো ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পিছত কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে বাঘজানলৈ ৰাওনা হ'ব মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ।

লগতে পঢ়ক- পৰিস্থিতি সাপেক্ষে গুৱাহাটীত পুনৰ হ'ব পাৰে লক​ ডাউনঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details