অসম

assam

By

Published : Oct 3, 2021, 5:31 PM IST

ETV Bharat / city

বিশিষ্ট সাহিত্যিক-সাংবাদিক কনকসেন ডেকালৈ জীৱনজোৰা সাধনা বঁটা

বিশিষ্ট সাহিত্যিক-সাংবাদিক কনকসেন ডেকালৈ 'জীৱনজোৰা সাধনা বঁটা' প্ৰদান দিছপুৰ প্ৰেছ ক্লাৱৰ ৷ তাৰ সমান্তৰালভাৱে বিভিন্ন দিশত কাম কৰি থকা 19 গৰাকী ব্যক্তিলৈ বঁটা প্ৰদান কৰে দিছপুৰ প্ৰেছক্লাৱ ৷

১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষৰ বঁটা প্ৰদান
১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষৰ বঁটা প্ৰদান

গুৱাহাটী,৩ অক্টোবৰ : ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ বিভিন্ন শিতানত উল্লেখনীয় অৱদান আগবঢ়োৱা নিৰ্বাচিত ১৯ গৰাকী বিশিষ্ট ব্যক্তিক দেওবাৰে 'দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষ'ৰ বঁটা সমূহ প্ৰদান কৰা হয় । দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা, মুখ্য তথ্য আয়ুক্ত এপি ৰাৱট, অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, লেখক বৈকুণ্ঠ নাথ গোস্বামী আদি ।

১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষৰ বঁটা প্ৰদান

উল্লেখযোগ্য যে, বিশিষ্ট সাহিত্যিক-সাংবাদিক কনকসেন ডেকালৈ চলিত বৰ্ষৰ দিছপুৰ প্ৰেছ ক্লাবৰ "জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰা হৈছে । সমান্তৰালভাৱে বিশিষ্ট সাংবাদিক, অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকালৈ "সম্পাদক বঁটা", বিশিষ্ট ফটো সাংবাদিক (দৈনিক জনমভূমি ) ৰেৱ কুমাৰ বৰালৈ "ফটো সাংবাদিকতা বঁটা , জাৰ্ণেলিষ্ট এচ’চিয়েছন ফৰ আসাম চমুকৈ জাফাৰ সভাপতি, বিশিষ্ট সাংবাদিক (নিউজ লাইভ)অভিদ্বীপ চৌধুৰীলৈ "সাংবাদিক সংগঠক কল্যাণ বঁটা" আগবঢ়োৱা হৈছে ৷

ইপিনে ডি ৱাই ৩৬৫ ৰ ছিনিয়ৰ নিউজ এংকৰ মনিষা বৰুৱালৈ " নিউজ এংকৰ বঁটা", মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা প্ৰাক্তন সাংবাদিক নৱজিৎ পাটগিৰীলৈ "সংবাদ বান্ধৱ বঁটা , অসমীয়া বোলছবি, ভিডিঅ’ এলবাম, ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈলৈ "অভিনেত্ৰী বঁটা’’ আগবঢ়োৱা হৈছে ৷

১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষৰ বঁটা প্ৰদান

একেদৰে জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকালৈ "উদীয়মান কণ্ঠশিল্পী বঁটা ", অসমীয়া বোলছবি, টিভি চেনেলৰ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা সিদ্বাৰ্থ শৰ্মালৈ "অভিনেতা বঁটা", গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ৰক্তিম প্ৰতীম তামুলীলৈ "জীৱন সঞ্জীৱনী বঁটা", যুৱ উদ্যোগী শিবচান্দ হাতীবৰুৱালৈ "উদ্যোগী বঁটা", অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইলৈ "যুৱ ৰাজনীতিক বঁটা", সাহিত্য, সংস্কৃতি ৰাজনৈতিক ক্ষেত্ৰৰ উদ্যমী যুৱক ড৹ সঞ্জু বৰুৱালৈ "জাগ্ৰত যুৱ বঁটা", বিশিষ্ট সমাজসেৱক, পৰিবহন বিষয়া হিমাংশু দাসলৈ "জনসেৱা বঁটা" আগবঢ়োৱা হৈছে ৷

১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষৰ বঁটা প্ৰদান

আনহাতে বিশিষ্ট লেখক, সমাজসেৱক, অৱসৰপ্ৰাপ্ত বিষয়া নৱ ডেকা বৰালৈ "সমাজহৈতিষী বঁটা", জনগোষ্ঠীয় নেতা গোকুল বৰ্মনলৈ "যুৱ বন্ধু বঁটা", দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈলৈ "সাহসী বঁটা", ক্ষুদ্ৰ চাহ খেতিয়ক তথা মানৱ দৰদী ব্যক্তি কৃষ্ণ শৰ্মালৈ "মানৱ সেৱা বঁটা", সাংবাদিক, শিক্ষাবিদ তথা সমাজকৰ্মী লক্ষীপ্ৰসাদ ডেকালৈ "যুৱ সমাজকৰ্মী বঁটা'' প্ৰদান কৰা হয় ।

লগতে পঢ়কঃ গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ

ABOUT THE AUTHOR

...view details