অসম

assam

By

Published : Aug 20, 2020, 10:57 PM IST

ETV Bharat / city

COVID-১৯ : ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা 22,708 গৰাকী

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ ৰাজ্যত বৃহস্পতিবাৰে পুনৰ 1,735 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ৰাজ্যত বৰ্তমানেও সংক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 22,708 গৰাকী ৷

Assam covid update total active cases till now 22,708
Assam covid update total active cases till now 22,708

নিউজ ডেস্ক, 20 আগষ্ট : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰৰ দিনটোত পুনৰ নতুনকৈ 1,735 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 389 গৰাকী হৈছে কামৰূপ মেট্ৰ’ৰ নিৱাসী ৷

ইপিনে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 34,376 গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হৈছে ৷ য’ত 1,735 গৰাকী লোক ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷

ইয়াৰ লগে-লগে ৰাজ্যখনত ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছে 86,052 গৰাকী ৷ আনহাতে বৃহস্পতিবাৰৰ দিনটোত 2772 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত বৰ্তমানলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে মুঠ 63,120 গৰাকী ৷

ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 22,708 টা ঘটনা ৷ ইপিনে বৰ্তমানলৈকে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছে 221 গৰাকী ৷

লগতে চাওক-জম্মু-কাশ্মীৰৰ পৰা 10,000 অৰ্ধসামৰিক জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details