নিউজ ডেস্ক, 27 আগষ্ট : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰৰ দিনটোত পুনৰ নতুনকৈ 2036 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷
ইয়াৰে 481 গৰাকী লোক হৈছে কামৰূপ মেট্ৰ’ৰ নিৱাসী ৷ ইপিনে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 35,395 গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হৈছে ৷ য’ত 2036 গৰাকী লোক ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷