অসম

assam

ETV Bharat / city

ৰাজ্যসভাৰ পাৰ্শ্বক্ৰিয়া : কমনৱেল্থ সন্মিলন শেষ হ'লেই শশী-ছিদ্দিকলৈ বিধানসভাৰ শ্ব'কজ

কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলনৰ(Assam to host Commonwealth Parliament Association conference) পাছতেই বিধায়ক শশীকান্ত দাস আৰু ছিদ্দিক আহমেদলৈ বিধানসভাৰ অধ্যক্ষই প্ৰেৰণ কৰিব কাৰণ দৰ্শোৱাৰ জাননী ৷ জাননীৰ উত্তৰ পোৱাৰ পিছতহে সাংবিধানিকভাৱে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব ।

By

Published : Apr 7, 2022, 5:37 PM IST

Updated : Apr 7, 2022, 9:59 PM IST

assam-assembly-speaker-will-send-a-show-cause-notice-to-mla-shashikant-and-siddique
ৰাজ্যসভাৰ পাৰ্শ্বক্ৰিয়া : কমনৱেল্থ সন্মিলন শেষ হ'লেই শশী-ছিদ্দিকলৈ বিধানসভাৰ শ্ব'কজ

গুৱাহাটী, ৭ এপ্ৰিল :ৰাজ্যসভাৰ দুই নতুন সাংসদে নিৰ্বাচিত হৈ গৈ ইতিমধ্যে শপতো ল’লে যদিও ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা বিতৰ্ক, অভিযোগ, প্ৰতি অভিযোগ এইবিলাকৰ পাৰ্শ্বক্ৰিয়া দিছপুৰত এতিয়াও মাৰ যোৱা নাই । ৰাজনৈতিক তত্বত এক নতুন ফৰ্মূলাৰ "আবিষ্কাৰক" হিচাপে ইতিমধ্যে চিহ্নিত হৈছে বিধায়ক শশীকান্ত দাস । যিয়ে ইতিমধ্যে কংগ্ৰেছৰ বিধায়ক হৈও বিজেপিক সকলো প্ৰকাৰৰ সমৰ্থন আগবঢ়োৱাৰ এক বিৰল "ফৰ্মূলা" আবিষ্কাৰ কৰিছে ।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

সেইগৰাকী বিধায়ক শশীকান্ত দাস আৰু একাধিকবাৰ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈও ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিব "নজনা" কংগ্ৰেছৰ আন এগৰাকী বিধায়ক ছিদ্দিক আহমেদলৈ বিধানসভাৰ অধ্যক্ষই প্ৰেৰণ কৰিব কাৰণ দৰ্শোৱাৰ জাননী(Show-cause notice to MLA Shashikant and Siddique) । তেওঁলোক দুয়োৱে নিজ দলক বিশ্বাসঘাতকতা কৰি ৰাজ্যসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়ৰ পথ মসৃণ কৰি দিয়াৰ অভিযোগত দুয়োৰে বিধায়ক পদ খাৰিজ কৰাৰ বাবে ইতিমধ্যে কংগ্ৰেছ দলৰ ফালৰ পৰা বিধানসভাৰ অধ্যক্ষক আবেদন জনোৱা হৈছিল ।

বৃহস্পতিবাৰে এই আবেদন সন্দৰ্ভত মন্তব্য কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, দুয়োগৰাকী বিধায়কলৈ প্ৰথমে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হ’ব(Assam Assembly Speaker Will send show-cause notice) । তেওঁলোকৰ পৰা এই জাননীৰ উত্তৰ পোৱাৰ পিছতহে সাংবিধানিকভাৱে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব । তেওঁ লগতে কয় যে ইতিমধ্যে দুয়োখন কাৰণ দৰ্শোৱাৰ জাননী সাজু কৰা হৈছে । কিন্তু ৯ এপ্ৰিলৰ পৰা যিহেতু অসম বিধানসভাত কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলন(Assam to host Commonwealth Parliament Association conference) অনুষ্ঠিত হ’ব সেয়েহে এই সন্মিলন শেষ হোৱাৰ পিছতহে দুয়োগৰাকী বিধায়কলৈ প্ৰেৰণ কৰা হ’ব কাৰণ দৰ্শোৱাৰ জাননী ।

উল্লেখযোগ্য যে শশীকান্ত দাসে মুকলিকৈ বিজেপিৰ পক্ষ লোৱাৰ বিপৰীতে ছিদ্দিক আহমেদে ভোটৰ দিনা বেলটত ইচ্ছাকৃতভাবে 1 সংখ্যাটো আখৰেৰে ONE লিখি থৈ আহি নিজৰ ভোটটো বাতিল কৰাইছিল বুলি কংগ্ৰেছে অভিযোগ তুলি আহিছে ।

লগতে পঢ়ক :১১ এপ্ৰিলত গুৱাহাটীত কবি নীলমণিক সন্মান: প্ৰথমবাৰলৈ অসমত "জ্ঞানপীঠ"ৰ অনুষ্ঠান

Last Updated : Apr 7, 2022, 9:59 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details