অসম

assam

ETV Bharat / city

বিহু উপলক্ষ্যে অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান

বিহু উপলক্ষ্যে অসম সাহিত্য সভাই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে । "আমাৰ উৎসৱ আমাৰ ভৱিষ্যত" শীৰ্ষক এই অনুষ্ঠানত উপস্থিত থাকে সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে ৰমেশ পাঠক, বিদ্যা সাগৰ আৰু উপেন্দ্ৰ নাথ শৰ্মা । অনুষ্ঠানত সাহিত্য সভাই অসমীয়া ভাষা ৰক্ষাৰ বাবে সংকল্পবদ্ধ হোৱাৰ লগতে অসমৰ সকলো অনুষ্ঠানতে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে প্ৰচাৰ চলাব বুলি মন্তব্য কৰে ।

A SPECIAL PROGRAMME BY ASOM SAHITYA SABHA

By

Published : Apr 13, 2019, 7:25 PM IST

গুৱাহাটী, ১৩ এপ্ৰিল: শনিবাৰে ৰঙালী বিহুৰ উৰুকা উপলক্ষ্যে ৰাজ্যৰ চৌদিশে উখল - মাখল পৰিবেশৰ সৃষ্টি হোৱাৰ সময়তে বিহুৰ সংগতি ৰাখি অসম সাহিত্য সভায়ো এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে । অসম সাহিত্য সভাৰ প্ৰশাসনিক ভৱনৰ উদ্যোগত পাৰ্বতী প্ৰসাদ বৰুৱা ভৱনত "আমাৰ উৎসৱ আমাৰ ভৱিষ্যত" শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয় । অনুষ্ঠানত সাহিত্য সভাই অসমীয়া ভাষা ৰক্ষাৰ বাবে সংকল্পবদ্ধ হোৱাৰ লগতে অসমৰ সকলো অনুষ্ঠানতে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে প্ৰচাৰ চলাব বুলি মন্তব্য কৰে ।

A SPECIAL PROGRAMME BY ASOM SAHITYA SABHA

এই অনুষ্ঠানত উপস্থিত থাকে সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে ৰমেশ পাঠক, বিদ্যা সাগৰ আৰু উপেন্দ্ৰ নাথ শৰ্মা । অনুষ্ঠানতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবাটাও বিহু দলে নৃত্যও প্ৰদৰ্শন কৰে ।

ABOUT THE AUTHOR

...view details