অসম

assam

Asian Confluence River Summit: গুৱাহাটীত পোণ প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নদী সন্মিলন

গুৱাহাটীত পোণ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন-2022' (Asian Confluence River Summit-2022 )৷ সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমক কেন্দ্ৰবিন্দু হিচাপে লৈ বংগোপ উপসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে আঞ্চলিক সহযোগিতাৰে এক সামূহিক দৃষ্টিভংগী গ্ৰহণ কৰা ৷

By

Published : May 28, 2022, 5:49 PM IST

Published : May 28, 2022, 5:49 PM IST

asian-confluence-river-summit-2022-held-first-time-in-guwahati
গুৱাহাটীত পোণ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন-2022'

গুৱাহাটী, 28 মে':গুৱাহাটীত পোণ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন-2022' (Asian Confluence River Summit-2022 ) ৷ বংগোপ উপসাগৰীয় আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু সম্পদ হিচাপে ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহৰ আলোচনাৰ বাবে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে ৷

সন্মিলনখনত জল যোগাযোগ ব্যৱস্থা,শক্তি উৎপাদন আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হ'ব ৷ অনুষ্ঠানটোত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰে (External Affairs Minister Dr. S. Jaishankar) কয়-"মোডী চৰকাৰৰ শাসনকালত যোগাযোগ ব্যৱস্থাৰ সম্পৰ্কত বিশেষ গুৰুত্ব দিয়া হৈছে। দক্ষিণ পূব এছিয়াৰ দেশৰ লগত সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে এক লক্ষ্য নিৰ্ধাৰণ কৰি কাম কৰি থকা হৈছে। উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ লগত জল পৰিবহণ আৰু ম্যানমাৰৰ লগত পথ পৰিবহণৰ বাবে দুটা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰি থকা হৈছে । সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমক কেন্দ্ৰবিন্দু হিচাপে লৈ বংগোপ উপসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে আঞ্চলিক সহযোগিতাৰে এক সামূহিক দৃষ্টিভংগী গ্ৰহণ কৰা ৷"

লগতে মন্ত্ৰীগৰাকীয়ে হিমালয়ৰ দক্ষিণ অঞ্চলৰ পৰা গংগালৈকে, ব্ৰহ্মপুত্ৰৰ পৰা মেকঙলৈকে নদী অৱবাহিকাৰ সংলগ্ন অঞ্চলত সাধাৰণ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ ৰাজনৈতিক সীমাৰ বাহিৰত প্ৰয়োজন হোৱা ঘনিষ্ঠ সহযোগিতা সন্দৰ্ভত আলোচনা কৰে । বহনক্ষম উন্নয়নৰ বাবে নদীকেন্দ্ৰিক সম্পদসমূহৰ সুৰক্ষা আৰু ব্যৱহাৰৰ ওপৰতো চমু আলোচনা কৰে ।

উক্ত সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) কয়-"অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষিণ পূব এছিয়াৰ লগত পুৰণি কালৰ পৰা সাংস্কৃতিক, খাদ্য আদিৰ লগত সামঞ্জস্য আছিল। জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ ৰাজ্য আৰু চুবুৰীয়া দেশসমূহৰ সৈতে সু-পৰিকল্পিত সহযোগিতাই বহু পৰিমাণে এই অঞ্চলটোক দুৰ্যোগৰ পৰা উদ্ধাৰ কৰাৰ লগতে যোগাযোগ ব্যৱস্থা আৰু সেউজ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব ।"

লগতে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড৹ এ কে আব্দুল মমেনে কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত আৰম্ভণিৰ এক সুন্দৰ সম্পৰ্ক আছে৷ আৰু এই সম্পৰ্ক ভৱিষ্যতেও বৰ্তাই ৰাখিব লাগিব ৷ বাংলাদেশ নদী মাতৃক দেশ। বাংলাদেশৰ ৫৪ খন নদী ভাৰতৰ লগত সংলগ্ন । বাংলাদেশ চৰকাৰে বাংলাদেশৰ নদীত বালি পৰি যোৱাৰ বাবে নদীৰ গভীৰত কমি যোৱাৰ বাবে জলপৰিবহণ ব্যৱস্থা বৃহৎ প্ৰত্যাহ্বানৰ সম্মুখীন হৈ আহিছে ৷

এই আন্তজাৰ্তিক নদী সম্মিলনৰ উদ্ধোধনী অনুষ্ঠানত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ , বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড৹ এ কে আব্দুল মমেন, থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডন প্ৰমুৱাইনাই, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উপস্থিত থাকে । পৰৱৰ্তী সময়ত সন্মিলনত কেইবাখনো দেশৰ উচ্চায়ুক্ত আৰু ৰাষ্ট্ৰদূত, শীর্ষ বিশেষজ্ঞ, বিজ্ঞানী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷

লগতে পঢ়কঃইষ্ট ডেইৰী কো-অপাৰেটিভ কনক্লেভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details