অসম

assam

ETV Bharat / city

৩০ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা !

বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলক অনলাইন যোগে প্ৰ -পত্ৰ পূৰণৰ বাবে আহ্বান জনাইছে উপাচাৰ্যগৰাকীয়ে ।

By

Published : Jul 14, 2020, 10:23 PM IST

Around 30 September Held All Examination
৩০ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা !

গুৱাহাটী, 14 জুলাইঃ গুৱাহাটী বিশ্ববিদ্যালয়ে চূড়ান্ত পৰীক্ষা সমূহৰ ক্ষেত্ৰত লৈছে এক নতুন ব্যৱস্থা । অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত সকলো পৰীক্ষাৰ কাম কাজ শেষ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষয় ।

৩০ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা !

লক ডাউনৰ বাবে ৰাজ্যত সকলো পৰীক্ষা বাতিল হৈছিল যদিও ইতিমধ্যে UGC য়ে পৰীক্ষা সন্দৰ্ভত প্ৰকাশ কৰিছে নতুন গাইড লাইন ৷ সেই অনুসৰি অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত সকলো পৰীক্ষা শেষ কৰিবলৈ এক সিন্ধান্ত লৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে । ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে এখন জাননী যোগে এই কথা সদৰি কৰিছে । বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলক অনলাইন যোগে প্ৰ -পত্ৰ পূৰণৰ বাবে আহ্বান জনাইছে উপাচাৰ্যগৰাকীয়ে । আনহাতে,অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জনাইছে উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে । অৱশ্যে এতিয়ালৈ পৰীক্ষাৰ কোনো সূচী প্ৰকাশ কৰা হোৱা নাই ।

লগতে পঢ়ক - বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে বৈঠক বিভিন্ন ছাত্ৰ সংগঠনৰ

ABOUT THE AUTHOR

...view details