অসম

assam

ETV Bharat / city

এনী হাজৰিকাৰ "স্বপ্নপুৰী মুম্বাই" শীৰ্ষক গ্ৰন্থ মুকলি

২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত বুধবাৰে কেবাখনো গ্ৰন্থ মুকলি কৰা হয় ৷ ইয়াৰ ভিতৰত অন্যতম আছিল এনী হাজৰিকাৰ স্বপ্নপুৰী মুম্বাইৰ লগতে গৌতম ব্ৰাহ্মণৰ গ্ৰন্থম ৷

এনী হাজৰিকাৰ "স্বপ্নপুৰী মুম্বাই" শীৰ্ষক গ্ৰন্থ মুকলি

By

Published : Nov 7, 2019, 5:00 AM IST

Updated : Nov 7, 2019, 11:24 AM IST

গুৱাহাটী, 6 নৱেম্বৰঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ বুধবাৰে অন্ত পৰে ৷ গ্ৰন্থমেলাৰ সামৰণিৰ দিনটোত বহুকেইখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ ভিতৰত এনী হাজৰিকাৰ স্বপ্নপুৰীৰ মুম্বাই আৰু গৌতম ব্ৰাহ্মণৰ গ্ৰন্থম নামৰ গ্ৰন্থ দুখন অন্যতম ৷

এনী হাজৰিকাৰ "স্বপ্নপুৰী মুম্বাই" শীৰ্ষক গ্ৰন্থ মুকলি

লগতে পঢ়কঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ 12B status বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ

বিশিষ্টা লেখিকা এনী হাজৰিকাই মুম্বাইৰ সাধাৰণ লোকসকলৰ জীৱনধাৰাক লৈ ৰচনা কৰিছে "স্বপ্নপুৰী মুম্বাই" নামৰ গ্ৰন্থখন ৷ গ্ৰন্থখনত পাঠকে মুম্বাইৰ সাধাৰণ জনতাৰ সংঘৰ্ষৰ লগতে জীৱনৰ এক চমু আভাষ পাবলৈ সক্ষম হ'ব ৷ মুম্বাই বুলি ক'লেই যে,কেৱল বলীউদ এনেকুৱা নহয়,মুম্বাইৰ দৰে অঞ্চলত এচাম মানুহে কিদৰে কষ্টকৰ জীৱন যাপন কৰে গ্ৰন্থখনত তাৰ এক আভাষ দিবলৈ চেষ্টা কৰিছে লেখকে ৷

আনহাতে গ্ৰন্থমেলাৰ মুখ্যমঞ্চত আনখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ গৌতম ব্ৰাহ্মণৰ গ্ৰন্থম নামৰ গ্ৰন্থখনৰ উন্মোচন কাৰ্যসূচীত উপস্থিত থাকে ডঃ লক্ষ্মী নন্দন বৰা, ডঃ দয়ানন্দ পাঠককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

Last Updated : Nov 7, 2019, 11:24 AM IST

ABOUT THE AUTHOR

...view details