অসম

assam

By

Published : Oct 11, 2022, 10:49 PM IST

ETV Bharat / city

Murder case at Tingkhong: দুই সন্তানৰ মাতৃক ধৰ্ষণ কৰি হত্যা

ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ড (Murder case in Dibrugarh) ৷ টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড (Sensational murder case at Tingkhong) । গাঁওখনৰ নিতুল শইকীয়াৰ পত্নী নীৰদা শইকীয়া (৪০) নামৰ এগৰাকী মহিলাক নিজা বাসগৃহত নিৰ্মমভাৱে হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷

sensational-murder-case-at-tingkhong-in-dibrugarh
ধৰ্ষণ কৰি হত্যা কৰিলে দুই সন্তানৰ মাতৃক

ডিব্ৰুগড়, 11 অক্টোবৰ:ৰাজ্যত সম্প্ৰতি বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ ঘটনা ৷ শেহতীয়াকৈ ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ড (Murder case in Dibrugarh) ৷ টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড । গাঁওখনৰ নিতুল শইকীয়াৰ পত্নী নীৰদা শইকীয়া (৪০) নামৰ এগৰাকী মহিলাক নিজা বাসগৃহত নিৰ্মমভাৱে হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই (Sensational murder case at Tingkhong) ৷

মঙলবাৰে প্ৰতিবেশীয়ে বহু সময় ধৰি মহিলাগৰাকীক দেখা নাপাই বিচাৰ-খোচৰ আৰম্ভ কৰে ৷ তাৰ পিছতে ঘৰৰ ভিতৰতে প্ৰতিবেশীয়ে মহিলাগৰাকীৰ মৃতদেহটো তেজেৰে লুতুৰি-পুতুৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷ মহিলাগৰাকীৰ মূৰত গধুৰ অস্ত্ৰৰ আঘাতৰ চিন স্পষ্টকৈ পৰিলক্ষিত হয় ৷ লগতে মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে এই কৰুণ ঘটনাটো এদিনৰ পূৰ্বে সংঘটিত হোৱাৰ অনুমান কৰিছে পৰিয়ালে ৷

ধৰ্ষণ কৰি হত্যা কৰিলে দুই সন্তানৰ মাতৃক

ইতিমধ্যে ৰাজগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । নিহত মহিলাগৰাকীৰ নাম নীৰদা শইকীয়া বুলি জানিব পৰা গৈছে ৷ এই ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইফালে বিগত 6 অক্টোবৰত তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা (Murder case in Tinsukia) ৷ ডুমডুমা ৰূপাই চাইডিং প্ৰভাত চাহ বাগিচাৰ (Prabhat Tea Estate) গৰুমৰা লাইনত স্বামীয়ে হত্যা কৰিছিল পত্নীক (Murder case at Doom Dooma) ৷

ডুমডুমা শংকৰদেৱ নগৰৰ ২০ বছৰীয়া পত্নীক ডুমডুমা নদীৰ দলঙৰ পৰা তললৈ পেলাই হত্যা কৰাৰ কথা আদালতত নিজ মুখে স্বীকাৰ কৰিছে হত্যাকাৰী স্বামীয়ে ৷ এই ঘটনাই সম্প্ৰতি সমগ্ৰ ডুমডুমাতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে । মঙলবাৰে এই হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু মহিলাগৰাকীক ন্যায় প্ৰদানৰ দাবীত ডুমডুমা শতাধিক মহিলা ওলাই আহি এক প্ৰতিবাদী সমদল উলিয়ায় ।

লগতে পঢ়ক:Video journalist died : নিশা ছয় মহলীয়া বিল্ডিংৰ পৰা পৰি মৃত্যু ভিডিঅ’ সাংবাদিকৰ

ABOUT THE AUTHOR

...view details