মৰাণ, 18 জুলাই:এফালে দলীয় দায়বদ্ধতা ৷ আনফালে পিতৃৰ তিলনী ৷ তেনেকৈয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিলে এইখন অসমৰে এজন বিধায়কে ৷ আজি দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰে (Presidential election Polling ended 5 pm on Monday) । এই নিৰ্বাচনত শাসক দলৰ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূক (NDA presidential candidate Draupadi Murmu) যিকোনো প্ৰকাৰে জয় কৰোৱাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হ'ল শাসক দল বিজেপিক ৷
এইবাৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ (President election in Assam) বাবে অধিক তৎপৰ হোৱা পৰিলক্ষিত হ'ল । ৰাজ্যৰ এটাও ভোট যেন হেৰুৱাব নুখুজিলে বিজেপিৰ ৰাজ্যিক নেতৃত্বই । ফলত পিতৃৰ তিলনীৰ দিনাই মৰাণৰ গৃহৰ পৰা গৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট দিলে বিধায়ক চক্ৰধৰ গগৈয়ে ।