অসম

assam

By

Published : Dec 30, 2021, 9:50 PM IST

ETV Bharat / city

দেহৰক্ষী এৰিবলৈ সাজু চৰাইদেউ জিলা বিজেপিৰ সভাপতি

মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি চৰাইদেউ জিলা বিজেপিৰ সভাপতি ৷ নিজৰ দেহৰক্ষী এৰিবলৈ সাজু চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা ৷ চৰাইদেউ জিলা আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত লিখিত আবেদন জনায় তাছাই ।

Charaideo BJP President ready to give up PSOs
দেহৰক্ষী এৰিবলৈ সাজু চৰাইদেউ জিলা বিজেপিৰ সভাপতি

মৰাণ, 30 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য বিজেপিৰ নেতা-মন্ত্ৰীৰ লগতে বিধায়কসকলক দেহৰক্ষী সংস্কৃতি(Assam CM appeals BJP Leaders to widraw PSO) এৰাই চলিবলৈ আহ্বান জনাইছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে দেহৰক্ষীৰ সংস্কৃতি কংগ্ৰেছ আৰম্ভ কৰা সংস্কৃতি । ভাল কাম কৰা মানুহে কেতিয়াও নিৰাপত্তাৰক্ষী নলয় । মই নিজেই কংগ্ৰেছৰ সদস্য আছিলো আৰু কংগ্ৰেছৰ এনে বহু বদ সংস্কৃতিৰ বিষয়ে জানো ৷

দেহৰক্ষী এৰিবলৈ সাজু চৰাইদেউ জিলা বিজেপিৰ সভাপতি

মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পাছতে বিৰোধীৰ কংগ্ৰেছে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছিল যদিও বিজেপিৰ কেইবাজনো বিধায়ক আৰু জিলা সভাপতিয়ে দেহৰক্ষী এৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীৰ এই আহ্বানক সঁহাৰি জনাই বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি লক্ষ্মীনাথ তাছাই দেহৰক্ষী এৰিবলৈ ইচ্ছা প্ৰকাশ কৰে (Charaideu BJP president widraws PSO) ৷

চৰাইদেউ জিলাৰ বিজেপিৰ সভাপতিগৰাকীয়ে তেওঁৰ দেহৰক্ষী উঠাই ল'বলৈ চৰাইদেউ জিলা আৰক্ষী অধীক্ষকক লিখিত আবেদন জনায় । তেওঁ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি আৰু সাংগঠনিক সম্পাদকলৈ এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে । চৰাইদেউ জিলাত এতিয়া শান্তিপূৰ্ণ পৰিবেশে বিৰাজ কৰা বাবে এই সিদ্ধান্ত লোৱা বুলি সভাপতিগৰাকীয়ে পত্ৰত উল্লেখ কৰে ।

লগতে পঢ়ক :বিজেপি নেতাই ওভতাই দিব দেহৰক্ষী, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details