অসম

assam

ধুবুৰী অসামৰিক চিকিৎসালয়ত আজমল ফাউণ্ডেচনৰ হুইল চেয়াৰ দান

By

Published : Feb 19, 2021, 7:58 PM IST

ধুবুৰী অসামৰিক চিকিৎসালয়ত আজমল ফাউণ্ডেচনৰ হুইল চেয়াৰ প্ৰদান ৷ জৰুৰীকালীন ৰোগীৰ অনা-নিয়াৰ সমস্যা সমাধানৰ বাবে এই হুইল চেয়াৰ প্ৰদান কৰে ফাউণ্ডেচনৰ ট্ৰাষ্টি তথা সাংসদ বদৰুদ্দিন আজমলে ৷

আজমল ফাউণ্ডেচনৰ হুইল চেয়াৰ দান
আজমল ফাউণ্ডেচনৰ হুইল চেয়াৰ দান

ধুবুৰী, 19 ফেব্ৰুৱাৰী : ধুবুৰী অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন ৰোগীৰ বাবে আজমল ফাউণ্ডেচনে প্ৰদান কৰিলে দহখন হুইল চেয়াৰ ৷ চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জৰুৰীকালীন ৰোগীৰ অনা-নিয়াত বহুদিন ধৰি সন্মুখীন হৈ অহা সমস্যাৰ সমাধানৰ বাবে প্ৰদান কৰা হয় এই হুইল চেয়াৰ ৷

আজমল ফাউণ্ডেচনৰ হুইল চেয়াৰ দান

শুকুৰবাৰে আজমল ফাউণ্ডেচনৰ ট্ৰাষ্টি তথা সাংসদ বদৰুদ্দিন আজমলে ধুবুৰী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ হুইল চেয়াৰসমূহ চিকিৎসালয় কৰ্তৃপক্ষক প্ৰদান কৰে ৷ সাংসদ আজমলে বিধায়ক নজৰুল হকৰ উপস্থিতিত চিকিৎসালয়ৰ উপ অধ্যক্ষ ডাঃ হাৰুণ আল ৰসিদক হুইল চেয়াৰসমূহ চমজাই দিয়ে ৷

আজমল ফাউণ্ডেচনৰ হুইল চেয়াৰ দান

আজমল ফাউণ্ডেচনৰ এনে পদক্ষেপক শলাগ জনাইছে ধুবুৰী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমৃত শ্বাহ

For All Latest Updates

ABOUT THE AUTHOR

...view details