বিলাসীপাৰাত ৰন্ধন কৰ্মী সহায়িকাৰ 3ঘন্টীয়া অৱস্থান ধৰ্মঘট
দৰমহা বৃদ্ধিৰ লগতে ৰন্ধন কাৰ্য বেচৰকাৰী সংস্থাক প্ৰদান নকৰাৰ দাবী
ৰন্ধন কৰ্মী সহায়িকাৰ প্ৰতিবাদ
বিলাসীপাৰা, 28 মাৰ্চঃধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শ শ ৰন্ধন কৰ্মীয়ে বৃহস্পতিবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰন্ধন কৰ্মী সহায়িকাৰ দৰমহা 1 হাজাৰৰ পৰিৱৰ্তে 6 হাজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতেৰন্ধন কাৰ্য বেচৰকাৰী সংস্থাৰ হাতত প্ৰদান নকৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷