অসম

assam

শান্তি-সমম্বয়ৰ বাৰ্তা কঢ়িয়াই চাইকেল যাত্ৰা...

By

Published : Apr 10, 2021, 2:08 PM IST

বিলাসীপাৰা চহৰত উপস্থিত এজন চিৰতৰুণ । প্ৰদুষণ মুক্ত, শান্তি আৰু সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চাইকেলৰে যাত্ৰা আৰম্ভ কৰিছে এজন ৭৪ বছৰীয়া ব্যক্তিয়ে ৷

চাইকেল লৈ বিলাসীপাৰাত এজন 74 বছৰীয়া ব্যক্তি
চাইকেল লৈ বিলাসীপাৰাত এজন 74 বছৰীয়া ব্যক্তি

বিলাসীপাৰা,10 এপ্ৰিল: শুকুৰবাৰে নিশা চাইকেল চলাই ধুবুৰীৰ বিলাসীপাৰা চহৰত উপস্থিত হয় ৭৪ বছৰীয়া এজন ব্যক্তি । লোকজনৰ নাম নবীন চন্দ্ৰ দত্ত ৷ চাইকেলখনৰ সন্মুখত শান্তিৰ বাৰ্তা সম্বলিত ফলক আঁৰি লৈছে ব্যক্তিজনে ৷ মৰমৰ অসমখন প্ৰদুষণ মুক্ত, স্বচ্ছ আৰু ইয়াত শান্তি স্থাপনৰ অযুত আশা লৈ চাইকেলেৰে অসম ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে ব্যক্তিজনে ৷ শদিয়াৰ পৰা ধুবুৰীলৈ চাইকেলৰে অকলে যাত্ৰা কৰিছে চিৰ তৰুণ নবীন চন্দ্ৰ দত্তই ৷ ব্যক্তিগৰাকীৰ নৱ প্ৰজন্মলৈ আহ্বান-প্ৰদুষণমুক্ত অসম গঢ়িবলৈ নৱ প্ৰজন্মই মটৰ চাইকেল নহয় যথাসম্ভৱ চাইকেল ব্যৱহাৰ কৰক ।

শান্তি-সমম্বয়ৰ বাৰ্তা কঢ়িয়াই চাইকেল যাত্ৰা...

মনত অদম্য ইচ্ছাশক্তি লৈ গাঁঠিৰ ধন খৰচ কৰি এইদৰে অসম ভ্ৰমণলৈ ওলোৱা দত্তই যাত্ৰাপথত কেইবাখনো মহাবিদ্যালয়লৈ গৈ শিক্ষাৰ্থীসকলক সচেতন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ব্যক্তিগৰাকীয়ে তেওঁৰ সপোন আৰু উদ্দেশ্যৰ বিষয়ে কথা পাতিছে ৷ ডেল কাৰ্ণেগীৰ কিতাপ পঢ়ি অনুপ্ৰাণিত হোৱা নবীন চন্দ্ৰ দত্তই নৱ প্ৰজন্মক কিতাপ অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :এগ্জিট প'ল প্ৰকাশ-প্ৰচাৰত নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details