অসম

assam

ETV Bharat / business

কোম্পানী সমূহক EPFO ৰ বৃহৎ সকাহ !

নিয়োগকৰ্তা বা কোম্পানী সমূহক একেলগে প্ৰাপ্ত ধনৰাশি পৰিশোধ নকৰাৰ বিপৰীতে মাহেকীয়া পি.এফ ৰিটাৰ্ন দাখিল কৰাৰ অনুমতি প্ৰদান EPFO ৰ ।

EPFO allows firms to file PF returns without simultaneous payment of dues
EPFO allows firms to file PF returns without simultaneous payment of dues

By

Published : May 1, 2020, 12:38 PM IST

নিউজ ডেস্ক, ১ মে': কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন (EPFO) য়ে বৃহস্পতিবাৰে নিয়োগকৰ্তা বা কোম্পানী সমূহলৈ এক বৃহৎ সকাহ প্ৰদান কৰে । নিয়োগকৰ্তা কোম্পানী সমূহক একেলগে প্ৰাপ্ত ধনৰাশিৰ পৰিশোধ নকৰাৰ বিপৰীতে মাহেকীয়া পি.এফ ৰিটাৰ্ন দাখিল কৰাৰ অনুমতি প্ৰদান কৰিছে । COVID-১৯ মহামাৰীৰ সংকটৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ আৰু লক্ ডাউনৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উল্লেখ্য় যে, ইয়াৰ দ্বাৰা প্ৰায় ৬ লাখ নিয়োগকৰ্তা বা কোম্পানীয়ে পোনপটীয়াকৈ সকাহ লাভ কৰিবলৈ সক্ষম হ'ব ।

নিয়োগকৰ্তাই পি.এফ ৰিটাৰ্ন দাখিল কৰাৰ লগে-লগে প্ৰাপ্ত ধনৰাশিও পৰিশোধ কৰিবলগীয়া হয় । পি.এফ ৰিটাৰ্নত EPFOৰ দ্বাৰা সংঞ্চালিত সামাজিক সুৰক্ষা আঁচনিত কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ পাৰিশ্ৰমিকৰ অৱদানৰ তথ্য উল্লেখ থাকে ।

শ্ৰম মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে, বৰ্তমান চলি থকা বন্ধৰ ফলত কোম্পানী সমূহৰ কাম-কাজো স্তব্ধ হৈ পৰিছে । যাৰ বাবে কোম্পানী সমূহে নগদ ধনৰ সংকটৰ সৈতে যুঁজিব লগীয়া হৈছে । এনে পৰিস্থিতিত বিধিবদ্ধ পৰিশোধৰ বাবে অসমৰ্থ হৈছে কোম্পানীসকল । কিন্তু ইয়াৰ মাজতো কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়া নাই কোম্পানীসমূহে ।

ইয়াৰ লগতে, এনে পৰিস্থিতিৰ পৰিপেক্ষিতেই electronic challan-cum-return (ECR) কো পৃথক কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়া হৈছে ।

ABOUT THE AUTHOR

...view details