অসম

assam

ETV Bharat / business

ঘৰুৱা বজাৰত বৈদেশিক বিনিয়োগ সুচল কৰিবলৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ ৰাজপত্ৰৰ দ্বাৰা বৈদেশিক বিনিয়োগ ব্যৱস্থাপনা আইন নীতিৰ ঘোষিত সালসলনিৰ ভিত্তিতে এইদৰে নিৰ্দেশনা জাৰী কৰা হৈছে ৷ এই নিৰ্দেশনা 7 এপ্ৰিলত ঘোষণা কৰা হয় আৰু 1 জুন, 2020ৰ পৰা এই নীতি কাৰ্যকৰী হ’ব ৷

বৈদেশিক বিনিয়োগ সুচল কৰিবলৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা
বৈদেশিক বিনিয়োগ সুচল কৰিবলৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা

By

Published : Apr 8, 2020, 9:21 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃমঙলবাৰে দেশৰ ৰিজাৰ্ভ বেংকে বৈদেশিক বিনিয়োগ ঘৰুৱা বজাৰত উপলব্ধ কৰি তুলিবলৈ নতুন নিৰ্দেশনা জাৰী কৰে ৷ চলিত বৰ্ষৰ 1 জুনৰ পৰা ৰিজাৰ্ভ বেংকৰ এই নীতি সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব ৷ বৈদেশিক বিনিয়োগ ব্যৱস্থাপনা আইনৰ অধীনত ভাৰতৰ ৰাজপত্ৰৰ দ্বাৰা জাৰী কৰা অধিসূচনা অনুসৰি এই নতুন নীতি কাৰ্যকৰী কৰা হয় ৷

ঘৰুৱা আৰু বিদেশী বিনিয়োগকাৰীসকলক একত্ৰীকৰণ কৰি বৈদেশিক বিনিয়োগৰ ঘৰুৱা তথা অমৌলিক বজাৰসমূহৰ সুচল পৰিচালনাৰ বাবে এই নীতি গ্ৰহণ কৰে ভাৰতৰ মুদ্ৰানীতি নিৰ্ধাৰণকাৰী বেংকটোৱে ৷

2019 চনত এই নীতিৰ খচৰা প্ৰকাশ কৰিছিল বেংকটোৱে ৷ যাৰ দ্বাৰা কোৱা হৈছিল যে, ঘৰুৱা মুদ্ৰানীতিৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ বৈদেশিক বিনিয়োগৰ দ্বাৰা সুচল কৰি তোলা হ’ব ৷

ABOUT THE AUTHOR

...view details