অসম

assam

By

Published : May 19, 2020, 4:25 PM IST

ETV Bharat / business

৫০ মিলিয়নলৈ অতিক্ৰম গুগল মীটৰ ডাউনল'ডৰ সংখ্যা

লক্ ডাউনৰ মাজতেই প্লেষ্টৰৰ পৰা অভিলেখ সংখ্যক ডাউনল'ড গুগলৰ ভিডিঅ' কনফাৰেন্সিং টুল গুগল মীটৰ । বৰ্তমানলৈ ৫০ মিলিয়নলৈ অতিক্ৰম কৰিছে ডাউনল'ডৰ সংখ্য়া । আনহাতে গুগল মীট এপ্লিকেশ্বনৰ দৈনিক ব্যৱহাৰ ৩০ গুণ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ।

Google Meet crosses 50 million downloads on Play Store
Google Meet crosses 50 million downloads on Play Store

নিউজ ডেস্ক, ১৯ মে': লক্ ডাউনৰ মাজতেই গুগল মীট এপ্লিকেশ্বনৰ অভাৱনীয় হাৰত বৃদ্ধি ডাউনল'ডৰ লগতে ব্যৱহাৰকাৰী সংখ্যা । ভিডিঅ' কনফাৰেন্সিং এপ্ জুমক সতৰ্কবাণী বা কঠিন প্ৰত্যাহ্বান জনাই প্লেষ্টৰত ৫০ মিলিয়ন ডাউনল'ডৰ সংখ্যা অতিক্ৰম গুগল মীটৰ । বিগত কেইটামান সপ্তাহত ৯০০ শতাংশ বৃদ্ধি দেখা পোৱা গৈছে এপ্ টোৰ ডাউনল'ড তথা ব্যৱহাৰৰ ক্ষেত্ৰত । কৰ'ণা ভাইৰাছৰ ফলত গৃহৰ পৰাই (Work From Home) বহু কৰ্মচাৰীয়ে কাম কৰাৰ বাবে এই বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে ।

গুগলৰ ভিডিঅ' কনফাৰেন্সিং টুল গুগল মীট

ডাটা প্ৰদান কৰা এপব্ৰেইনৰ মতে, গুগল ভিডিঅ' কনফাৰেন্সিং টুল গুগল মীটৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্লেষ্টৰৰ পৰা ৫ মিলিয়ন ডাউনল'ড কৰা হৈছিল । কিন্তু ১৭ মে' পৰ্যন্ত এই সংখ্যা বৃদ্ধি পাই ৫০ মিলিয়নলৈ অতিক্ৰম কৰে ।

এই মীট এপটোৰ দৈনিক ব্য়ৱহাৰ বৰ্তমানে ৩০ গুণ বৃদ্ধি পোৱাৰ লগতে দৈনিক ৩ বিলিয়ন মিনিট ভিডিঅ' মিটিং অনুষ্ঠিত হোৱা বুলি কয় জিএম আৰু জি চুইটৰ উপ-সভাপতি জেভিয়াৰ চল্টেৰোই । ইয়াৰ লগতে বিগত মাহত (এপ্ৰিল) প্ৰত্যেক দিনাই ৩ মিলিয়নকৈ নতুন ব্যৱহাৰকাৰী সংযোজিত হৈছিল । এইটো কাৰণেই বিশ্বত আমি অধিক লোকৰ কাষত এই অফাৰটো বিস্তাৰিত কৰিছো বুলি চল্টেৰোই কয় ।

বিগত সপ্তাহত ভাৰত সহ বিশ্ব স্তৰত জি-মেইলত গুগল মীট এপৰ আগমন হৈছে । এতিয়া এপ ডাউনল'ড নকৰাকৈও জি-মেইল যোগে ভিডিঅ' কনফাৰেন্সিং কৰিবলৈ পৰা যাব । গুগল মীট সম্পূৰ্ণ বিনামূলীয়া আৰু জি-মেইল থকা যিকোনো লোকে ইয়াৰ ব্যৱহাৰ কৰিব পাৰিব । এই এপত ব্য়ৱহাৰকাৰীয়ে দুটা বিকল্প ব্যৱস্থা লাভ কৰিব । বাওঁহাতৰ মেনুত, Meeting Start আৰু Join Meeting ।

ABOUT THE AUTHOR

...view details