এম এচ এম ই নেটৱৰ্কৰ পৰ্টেল মুকলি - ডিজিটেলি কৰণ
ইয়াৰ বাবে ব্যৱসায়ী সকলৰ আয় দুগুণলৈ বৃদ্ধি পাব আৰু এই আয়ে দেশৰ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিত সহায় কৰিব ৷ পৰ্টেল মুকলি কৰি এই মন্তব্য জয়েচ ৰঞ্জনৰ ৷
নিউজ ডেস্ক, 28 মাৰ্চঃ টেলংগনা চৰকাৰে বুধবাৰে ৰাজ্যখনৰ 2.3 মিলিয়নৰো অধিক এম এচ এম ই ক ডিজিটেল কৰাৰ উদ্যেশ্যেৰে মুকলি কৰে এম এচ এম ই নেটৱৰ্কিং পৰ্টেল, টেলেংগনা ষ্টেট গ্ল'বেল লিংকাৰ(ts-msme.globallinker.com) ৷
এক চৰকাৰী বিজ্ঞপ্তি যোগে উদ্যোগ সচিব জয়েচ ৰঞ্জনে কয় যে, "ডিজিটেলি কৰণ এম এচ এম ই ব্যৱসায়ৰ বাবে 'গেমচেঞ্জাৰ' হ'বলৈ গৈ আছে, কিয়নো ই স্থানীয় পৰিসীমাৰ বাহিৰটো গ্ৰাহক সকলক একত্ৰিত কৰাত ই সহায় কৰিব৷ ইয়াৰ বাবে ব্যৱসায়ী সকলৰ আয় দুগুণলৈ বৃদ্ধি পাব আৰু এই আয়ে দেশৰ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিত সহায় কৰিব৷
ইয়াৰ লগতে সচিব গৰাকীয়ে কয় যে, এম এচ এম ই ৰ ক্ষেত্ৰত বাধা দিয়া সমস্যা সমূহৰ সন্মূখীন হৈ তাক সমাধান কৰাৰ প্ৰয়োজন,যাৰ দ্বাৰা ব্যৱসায়ৰ বিকাশ আৰু অধিক লাভদায়ক হোৱা পথ প্ৰশস্ত হয়৷