অসম

assam

ETV Bharat / briefs

কৰ'ণা নিৰ্মূল অৰ্থব্যৱস্থাৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ৰিজাৰ্ভ বেংকে দূৰলৈ ভবা উচিত!

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উদ্বিগ্নতাৰ কাৰণ এয়ে যে ভাৰতীয় অৰ্থনীতি সম্পৰ্কে যি কোৱা হৈছে সেয়া সত্য । ০.১২ মাইক্ৰন আকাৰৰ কৰণাই ভাৰতীয় অৰ্থব্যৱস্থাক ভয়ংকৰ দিশলৈ লৈ গৈছে আৰু পংগু কৰি পেলাইছে । সেয়েহে এইটো অসাধাৰণ আৰু অনিশ্চয়তাৰ সময় ।

কোভিড-19: ভাৰতীয় অৰ্থনীতিত শংকা
কোভিড-19: ভাৰতীয় অৰ্থনীতিত শংকা

By

Published : Jun 1, 2020, 6:19 PM IST

নেশ্যনেল ডেস্ক, ১ জুন: ভাৰতীয় অৰ্থব্যৱস্থাক লাভান্বিত কৰাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পেকেজবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১৭ মে তাৰিখে পঞ্চম আৰু সদ্যসমাপ্ত পেকেজত আৰ.বি.আইৰ অংশীদাৰিত্বৰ প্ৰমাণ দেখুৱায়,যাৰ মূল্য বিত্তমন্ত্ৰীগৰাকীৰ মূল পেকেজ 2,097,053 কোটি টকাৰ 8,01,603 কোটি টকা ।

কোভিড-19: ভাৰতীয় অৰ্থনীতিত শংকা

মূল জিডিপিৰ ৪ শতাংশ আৰ.বি.আইৰ পেকেজ আছিল বুলি জানিব পৰা গৈছে । ইয়াৰ পিছত আৰ.বি.আইয়ে ২২ মে তাৰিখে তেওঁৰ অংশীদাৰিত্ব বঢ়াবলৈ কিছু উপায় ঘোষণা কৰে। কিন্তু এইটো সত্য যে, ০.১২ মাইক্ৰন আকাৰৰ কৰ'ণাই ভাৰতীয় অৰ্থব্যৱস্থাক ভয়ংকৰ দিশলৈ লৈ যোৱাৰ লগতে লোকচানৰ মুখলৈ ঠেলি দিছে । বিকাশ আৰু মুদ্ৰাস্ফীতিৰ পূৰ্বানুমান এতিয়াও অনিশ্চয়তাত আছে ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে কোৱা অনুসৰি,বিশ্বৰ অৰ্থনীতি বৰ্তমান মন্দাৱস্থাৰ দিশে ঢাল খাইছে । UNCTADয়ে জনোৱা মতে,চলিত বৰ্ষৰ প্ৰথম তিনিটা মাহত বিশ্বৰ ব্যৱসায়িক মূল্য ৩ শতাংশলৈ সংকুচিত হৈছে । ঠিক একেদৰে বিশ্ব বাণিজ্য সংস্থাৰ ব্যৱসায়িক মূল্য ২০২০ বৰ্ষত ১৩-৩২ শতাংশলৈ সংকুচিত হৈছে ।

ভাৰতবৰ্ষত নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে ব্যৱসায়িক হ্ৰাস স্পষ্টৰূপত দেখিবলৈ পোৱা গৈছে । বিশেষকৈ বিদ্যুৎ আৰু পেট্ৰলিয়ামত বহু পৰিমাণে লোকচান হৈছে । সেইবাবে এই সময়খিনি দুৰ্ভগীয়া সময় বুলি আৰ.বি.আইয়ে ঘোষণা কৰে । ইফালে CRR ৪ শতাংশৰ পৰা হ্ৰাস হৈ ৩ শতাংশ হৈছে । লগতে ৰিজাৰ্ভ বেংকে সন্দেহ প্ৰকাশ কৰিছে যে, যোৱা ৮ মে পৰ্যন্ত অনুসূচিত বাণিজ্যিক বেংকৰ জমাৰাশি 13,850,438 কোটি হৈছে । গতিকে কোভিড-১৯ৰ বাবে হোৱা লোকচানৰ পৰা মুক্ত হ'বলৈ হলে ৰিজাৰ্ভ বেংক আৰু চৰকাৰে বহু দূৰলৈ চিন্তা কৰাটো অতি জৰুৰী হৈ পৰিছে ।

লগতে পঢ়ক: বটদ্ৰৱাত এদিনত তিনিটা পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতাৰ

ABOUT THE AUTHOR

...view details