অসম

assam

By

Published : Feb 2, 2021, 9:28 PM IST

ETV Bharat / briefs

কাকপথাৰত চুলাই মদৰ বিৰুদ্ধে অভিযান

কাকপথাৰৰ দৈনিক বজাৰত মহিলাই নিশা চলালে চুলাই মদৰ বিৰুদ্ধে অভিযান ৷

operation against illegal liquor at kakopothar tinsukia assam etv bharat news
কাকপথাৰত চুলাই মদৰ বিৰুদ্ধে অভিযান 

শদিয়া,২ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দৈনিক বজাৰত মঙলবাৰে নিশা স্থানীয় মহিলাই চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় ৷

প্ৰাপ্ত তথ্য অনুসৰি, দৈনিক বজাৰখনৰ পিছফালে থকা চুলাই মদৰ কেইবাখনো দোকান ভাঙি লণ্ড-ভণ্ড কৰে মহিলাৰ দলটোৱে ৷ উত্থাপিত অভিযোগ অনুসৰি, আৰক্ষী তথা আবকাৰী বিভাগক এই বিষয়ে বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ কথা ব্যক্ত কৰে মহিলাৰ দলটোৱে ৷ পৰৱৰ্তী সময়তো চুলাই মদৰ বিৰুদ্ধে দলটোৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে মহিলাসকলে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details