অসম

assam

ETV Bharat / briefs

মৰিগাঁৱৰ সাপমাৰীত আৱদ্ধ হ'ল মহৰী

মৰিগাঁৱৰ সাপমাৰীৰ ক্ষুব্ধ ৰাইজে আৱদ্ধ কৰিলে ভৃগু নাথ ছাহা নামৰ এজন মহৰীক, পথৰ মেৰামতিৰ নামত ৰখা শিলগুটি নিবলৈ অহাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷

মৰিগাঁৱৰ সাপমাৰীত আবদ্ধ হ'ল মহৰী

By

Published : May 19, 2019, 8:27 PM IST

মৰিগাঁও,19মে' : মৰিগাঁৱৰ সাপমাৰীত ক্ষুব্ধ ৰাইজে আৱদ্ধ কৰিলে মহৰীক । সাপমাৰীৰ পৰা ভূৰবন্ধালৈ যোৱা পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে অঞ্চলবাসীয়ে । এই পথটোৰ মেৰামতিৰ নামত বীৰেণ সাহা নামৰ ঠিকাদাৰ জনে মহৰী ভৃগু নাথ ছাহা নামৰ লোকজনক পথটো নিৰ্মাণৰ দায়িত্ব দিছিল । কিন্তু ঠিকাদাৰ আৰু মহৰীয়ে পথটো নিৰ্মাণৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

মৰিগাঁৱৰ সাপমাৰীত আবদ্ধ হ'ল মহৰী

উল্লেখ্য যে, ঠিকাদাৰজনে কিছু দিন পূৰ্বে পথটো মেৰামতিৰ বাবে পেলাইছিল শিল । কিন্তু দেওবাৰে মহৰী ভৃগু নাথ ছাহাই পথত পেলোৱা শিলগুটি নিবলৈ অহাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী আৰু স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখে মহৰীজনক । ইফালে, এই পথটোৰ বাবে বহু যাতায়তকাৰী দুৰ্ঘটনাগ্ৰস্ত হ'বলগীয়া হৈছে বুলিও অঞ্চলবাসীয়ে মন্তব্য কৰে । দেওবাৰে স্থানীয় ৰাইজে ই টি ভি ভাৰতৰ সংবাদৰ জৰিয়তে চৰকাৰক অতি শীঘ্ৰে পথটো নিৰ্মাণৰো দাবী জনায় ।

ABOUT THE AUTHOR

...view details