অসম

assam

ETV Bharat / briefs

অৱশেষত সাৰ পালে স্বাস্থ্য বিভাগে

বুধবাৰে কৰিমগঞ্জ আৰু ৰাতাবাৰী সমষ্টিত উপস্থিত হ'ল স্বাস্থ্য বিভাগৰ দল। দলটো উপস্থিত হৈ অঞ্চলবাসীৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলাই এনকেফেলাইটিজ ৰোগ সম্পৰ্কে

কৰিমগঞ্জত উপস্থিত স্বাস্থ্য বিভাগৰ দল

By

Published : Jul 3, 2019, 12:15 PM IST

কৰিমগঞ্জ,৩জুলাই : ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে এনকেফেলাইটিজ ৰোগৰ প্ৰাদূৰ্ভাৱ। চৰকাৰী তথ্য অনুসৰি বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৮জনকৈ লোক। যোৰহাট,লখিমপুৰ,ডিব্ৰুগড়ৰ পাছতেই কৰিমগঞ্জ আৰু ৰাতাবাৰীতো জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে 6 জনকৈ লোক। ইতিমধ্যেই এই ৰোগত আক্ৰান্ত হৈ আছে অঞ্চলকেইটাৰ বহু পৰিয়াল। ইফালে,এনকেফেলাইটিজ'ত আক্ৰান্ত হৈ মৃত্যু হোৱা খবৰ সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছতেই গুৱাহাটীৰ পৰা কৰিমগঞ্জলৈ স্বাস্থ্য বিভাগৰ এটা দলে ৰাতাবাৰী সমষ্টিৰ বিভিন্ন এলেকাত গৈ পৰিস্থিতিৰ বুজ লয় । ইয়াৰোপৰি এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলবাসীক সচেতন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে।

কৰিমগঞ্জত উপস্থিত স্বাস্থ্য বিভাগৰ দল

ABOUT THE AUTHOR

...view details