অসম

assam

উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল বঙাইগাঁৱৰ ফাৰহানুৰ

উচ্চতৰ মাধ্যমিক পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰতে কলা শাখাত তৃতীয় স্থান লাভ কৰে বঙাইগাঁও হায়াৰ ছেকণ্ডাৰী স্কুলৰ ছাত্ৰ ফাৰহানুৰ ৰহমানে । চ'ছিয়েল মিডিয়াৰ পৰা দূৰত থকা ছাত্ৰজনে পঢ়াশুনাৰ কামত কেতিয়াবা মাতৃৰ মোবাইলেৰে হোৱাটছ এপ ব‍্যৱহাৰ কৰিছিল ।

By

Published : Jun 25, 2020, 6:06 PM IST

Published : Jun 25, 2020, 6:06 PM IST

উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল বঙাইগাঁৱৰ ফাৰহানুৰ

বঙাইগাঁও, ২৫ জুন : সদ্যঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত সাফল্য কঢ়িয়াই আনিছে বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাৰহানুৰ ৰহমানে । উল্লেখ্য যে, বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নয়াপাৰাৰ বাসিন্দা ঠিকাদাৰ তালেবুৰ ৰহমান আৰু মাতৃ ফ্ৰোজা ৰহমানৰ পুত্ৰ ফাৰহানুৰ ৰহমানে সমগ্ৰ অসমৰ ভিতৰতে কলা শাখাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল বঙাইগাঁৱৰ ফাৰহানুৰ

অভয়াপুৰীৰ পৰা প্ৰায় ২৮ কি:মি: পথ অতিক্ৰম কৰি ইংৰাজী মাধ্যমৰ বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰীত পঢ়া ফাৰহানুৰ ৰহমানে ভৱিষ্যতে অধ‍্যাপক অথবা প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা প্ৰকাশ কৰে । চ'ছিয়েল মিডিয়াৰ পৰা দূৰত থকা ছাত্ৰজনে পঢ়াশুনাৰ কামত কেতিয়াবা মাতৃৰ মোবাইলেৰে হোৱাটছ এপ ব‍্যৱহাৰ কৰিছিল । কঠোৰ পৰিশ্ৰম কৰি সাফল্য অৰ্জন কৰা অতি সাধাৰণ ছাত্ৰ ফাৰহানৰ ফলাফলত সকলোৱে প্ৰশংসাত মন্ত্ৰমুগ্ধ হৈ পৰে ।

লগতে পঢ়ক : কলা শাখাত দ্বিতীয় স্থানেৰে জিলিকিল হোজাইৰ চাইমা

ABOUT THE AUTHOR

...view details