অসম

assam

By

Published : Apr 27, 2019, 7:28 PM IST

ETV Bharat / briefs

ৰাইজৰ বাধা নামানি শক্তি বিভাগে কাটিলে মূল্যৱান গছ

নলবাৰীৰ নিকটৱৰ্তী জয়মংগলাত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ সংযোগক লৈ ৰাইজৰ সৈতে সংঘাতত লিপ্ত হয় বিদ্যু বিভাগ ৷

শক্তি বিভাগৰ শক্তি প্ৰদৰ্শণ

নলবাৰী, 27 এপ্ৰিলঃ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ শক্তি প্ৰদৰ্শন কৰে শক্তি বিভাগে ৷ ৰাইজৰ বিৰুদ্ধে গৈ এইদৰে শক্তি প্ৰদৰ্শন কৰাক লৈ ৰাইজৰে বাক-বিতণ্ডাত লিপ্ত হয় শক্তি বিভাগ ৷ নলবাৰী চহৰৰ নিকটৱৰ্তী জয়মগংলাত উদ্ভৱ হয় এই পৰিস্থিতি ৷

শক্তি বিভাগৰ শক্তি প্ৰদৰ্শণ

ঘটনা অনুসৰি, বিদ্যুৎ বিভাগে 11হাজাৰ কিলোৱাটৰ উচ্চক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ সংযোগ দিবলৈ আহি স্থানীয় ৰাইজেৰে সংঘাতত মিলিত হয় বিভাগটো ৷ ৰাইজক কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ লগত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লৈ আনি, বিভাগটোৱে বলপূৰ্বকভাৱে বিদ্যুত পৰিবাহী তাঁৰ সংযোগ কৰিবলৈ চেষ্টা কৰে ৷ ইয়াৰ বাবে ৰাইজৰ বহুটো মূল্যৱান গছ-গছনি কাটি তহিলং কৰাৰ লগতে বন বিভাগৰ পৰা কোনো অনুমতি নোলোৱাকৈ শক্তি বিভাগৰ এই কাৰ্যত বাধা প্ৰদান কৰে স্থানীয় ৰাইজে ৷ ইয়াকে লৈ গাঁওবাসী আৰু বিভাগটোৰ কৰ্মচাৰীৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় যদিও ৰাইজৰ ওচৰত সেও মানি আঁতৰি যায় বিভাগটোৰ কৰ্মচাৰীসকল ৷

ABOUT THE AUTHOR

...view details