অভয়াপুৰি,২১ এপ্ৰিল : দেওবাৰে উত্তৰ অভয়াপুৰীৰ মানিকপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । হেলিকপ্টাৰ যোগে মানিকপুৰৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোনোৱালৰ লগতে অতুল বৰা আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰায় । অগপ-বিজেপি-বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী সোণোৱালে মানিকপুৰত উপস্থিত হৈ সভাত অসমৰ প্ৰতিটো সমষ্টিতে বিজেপি আৰু মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি মন্তব্য কৰি অসমৰ ৰাইজে মোডীক পুনৰবাৰ বিচাৰে বুলি মত প্ৰকাশ কৰে ।
মানিকপুৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - এক বিশাল জনসভা
মানিকপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বিশাল জনসভাত অংশগ্ৰহণ কৰি বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে
মানিকপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
আনহাতে ২৩ এপ্ৰিলত ৰাজ্যৰ কোকৰাঝাৰ,ধুবুৰী,বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সমাপ্ত হ'ল দেওবাৰে বিয়লি ৫বজাত ।