অসম

assam

ETV Bharat / briefs

বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত উৎসৱ মুখৰ পৰিৱেশ

বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত সম্বৰ্ধনা এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক, বিদ্যালয়খনৰ পৰা উলিওৱা হয় শোভাযাত্ৰা

By

Published : May 17, 2019, 3:10 PM IST

বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত উৎসৱ মুখৰ পৰিৱেশ

বিলাসীপাৰা,১৭মে' : দৰিদ্ৰতাৰে যুঁজি-যুঁজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মাইনুৰ ইছলামক লৈ বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত উৎসৱ মুখৰ পৰিৱেশ । দিন হাজিৰা কৰি মাইনুৰৰ সাফল্যত শুকুৰবাৰে বিলাসীপাৰাৰ টিলাপাৰা অঞ্চলত এক শোভাযাত্ৰা উলিওৱা হয় । ফুলবৰ আলী আৰু আনোৱাৰা খাতুনৰ সন্তান মাইনুৰ ইছলামে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১.৮ শতাংশৰে ৪টা বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছিল । মাইনুৰৰ এই সাফল্যত আনন্দিত অঞ্চলবাসী । ভৱিষ্যতে মাইনুৰে এজন দক্ষ চিকিৎসক হ'ব বিচাৰে । আনহাতে বিদ্যালয়খনত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত উৎসৱ মুখৰ পৰিৱেশ

ABOUT THE AUTHOR

...view details