অসম

assam

ETV Bharat / briefs

বটদ্ৰৱাৰ ভিন্ন অঞ্চলত মুকলি জুৱাৰ বেহা

অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চল । বটদ্ৰৱা আৰক্ষী থানাৰ সহযোগত দিন দুপৰতে মুকলিকৈ জুৱা খেল চলাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

By

Published : Apr 20, 2019, 3:24 PM IST

বটদ্ৰৱাত মুকলিকৈ চলিছে জুৱাৰ বেহা

নগাঁও, 20 এপ্ৰিলঃ বটদ্ৰৱাৰ ভিন্ন অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ । আৰক্ষীৰ নিৰৱ ভূমিকাৰ ফলতেই বটদ্ৰৱা থানাৰ নিকটৱৰ্তী ধনীয়াভেটি , ৰামপুৰ, হাইডুবি গাঁৱকে ধৰি আন বহুকেইটা অঞ্চলত জুৱাৰ ঘাটিলৈ পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। অঞ্চলটোৰ কেইজনমান ব্যক্তিৰ লগত বটদ্ৰৱা আৰক্ষী থানাৰ এজন উচ্চ পদস্থ বিষয়াৰ মিতিৰালিৰ বাবেই জুৱাৰ বেহা চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । তাৎপৰ্যপূৰ্ণ কথা এই যে, অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ কোনো লোক আগবাঢ়ি আহিলেও মৃত্যুৰ ভাবুকি প্ৰদান কৰে ৷ যাৰ বাবে বাধা দিবলৈ সাহস কৰা নাই অঞ্চলটোৰ সাধাৰণ ৰাইজে ।

বটদ্ৰৱাত মুকলিকৈ চলিছে জুৱাৰ বেহা

উল্লেখ্য যে, বিগত বছৰত নগাঁৱৰ জুৰিয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃত্যু হৈছিল । কিন্তু তাৰ পিচতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক ভূমিকাই এতিয়া বটদ্ৰৱা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ABOUT THE AUTHOR

...view details