অসম

assam

By

Published : Jun 23, 2020, 6:39 PM IST

ETV Bharat / briefs

তালিবানৰ আক্ৰমণত ৪ গৰাকী আফগান সেনা নিহত

সোমবাৰে নিশা আফগান সেনা চাউনীত তালিবানীয়ে আক্ৰমণ কৰে। ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।

26/11 Mumbai terror attack accused Rana not a flight risk
26/11 Mumbai terror attack accused Rana not a flight risk

ইণ্টাৰনেশ্বনেল ডেস্ক, ২৩ জুনঃ আফগানিস্তানৰ চাৰবোলাক জিলাত আফগান নিৰাপত্তাৰক্ষীৰ লগত সংঘৰ্ষত লিপ্ত হয় তালিবানী সেনা। সংঘৰ্ষৰ ফলত চাৰিগৰাকী আফগান নিৰাপত্তাৰক্ষী নিহত হোৱাৰ বিপৰীতে আহত হয় আন এজন। বালখৰ গৱৰ্ণৰৰ মুখপাত্ৰ মুনিৰ আহমেদ ফাৰহাডে এটা নিউজ এজেঞ্চীৰ আগত এই কথা প্ৰকাশ কৰে।

মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি সোমবাৰে নিশা আফগান সেনা চাউনীত তালিবানীয়ে প্ৰথমে আক্ৰমণ কৰিছিল। ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :গুৱাহাটীত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details