অসম

assam

ETV Bharat / bharat

অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ ভগ্নীৰ দল কংগ্ৰেছত চামিল

YS Sharmila: এইটো বিশ্বাস কৰা হৈছে যে কংগ্ৰেছৰ সৈতে শৰ্মিলাৰ ৱাইএছআৰটিপিৰ একত্ৰীকৰণে অন্ধ্ৰপ্ৰদেশত তেওঁৰ দলক ভাল স্থানত ৰাখিব । আনহাতে, এই বছৰৰ প্ৰথম তিনিমাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ সময়ত দলটোৱে প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে । ইফালে শৰ্মিলাই কংগ্ৰেছত যোগদান কৰাৰ পিছত দলটোৱে তেওঁক কি দায়িত্ব প্ৰদান কৰে সেয়াও লক্ষণীয় হৈ পৰিছে ।

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 12:42 PM IST

অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ ভগ্নীৰ দল কংগ্ৰেছত চামিল
অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ ভগ্নীৰ দল কংগ্ৰেছত চামিল

নিউজ ডেস্ক, ৪ জানুৱাৰী : কংগ্ৰেছত বিলীন হ'ল ৱাইএছআৰ তেলেংগানা পাৰ্টী চমুকৈ ৱাইএছআৰটিপি । বৃহস্পতিবাৰে তেলেংগানাত কংগ্ৰেছৰ সৈতে একত্ৰিত হয় অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ ভগ্নীৰ দলটো । আনহাতে, দলটোৰ মুৰব্বী ৱাই এছ শৰ্মিলাৰ কংগ্ৰেছৰ ঘনিষ্ঠতা হৈ পৰাৰ কৌশলগত পদক্ষেপে তেওঁৰ দলৰ অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত শৰ্মিলাক শক্তিশালী কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ফলাফল এই বছৰ অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনতে প্ৰতিফলিত হোৱাৰ সম্ভাৱনা আছে ।

এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে শৰ্মিলাক দলীয় গামোচা পিন্ধি দলত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল । বুধবাৰে সন্ধিয়া বিজয়ৱাড়াৰ পৰা পোনপটীয়াকৈ দিল্লীলৈ যোৱা শৰ্মিলাই বৃহস্পতিবাৰে পুৱা তেওঁৰ স্বামী অনিলৰ সৈতে এআইচিচিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় । তাৰ পিছত আয়োজিত এক অনুষ্ঠানত খাৰ্গে আৰু দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ উপস্থিতিত তেওঁ কংগ্ৰেছত যোগদান কৰে । শৰ্মিলাই কংগ্ৰেছত যোগদান কৰাৰ পৰিপ্ৰেক্ষিতত দলটোৱে তেওঁক কি দায়িত্ব প্ৰদান কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।

কংগ্ৰেছে শৰ্মিলাক এআইচিচিত পদ দিয়ে নে অন্ধ্ৰপ্ৰদেশ কংগ্ৰেছৰ দায়িত্ব তেওঁক অৰ্পণ কৰে তাক লৈ এতিয়া তুমুল চৰ্চা চলিছে । উল্লেখ্য যে শৰ্মিলাই ইদুপুলাপায়া ভ্ৰমণৰ সময়ত কংগ্ৰেছত যোগদান কৰিবলৈ প্ৰস্তুতি ঘোষণা কৰাৰ এদিন পিছতে এই একত্ৰীকৰণ হয় । বুধবাৰে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ ভগ্নী শৰ্মিলাই শীঘ্ৰেই নতুন দিল্লীত কংগ্ৰেছৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰিব বুলি জনাইছিল ।

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাইএছ ৰাজশেখৰ ৰেড্ডীৰ কন্যা তথা ৱাইএছআৰটিপিৰ মুৰব্বী শৰ্মিলাই তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰাৰ কেইদিনমান পিছতে দলচ যোগদান কৰে । আনহাতে, তেলেংগানাৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ত ৱাইএছ শৰ্মিলাই নিৰন্তৰভাৱে কংগ্ৰেছ দলক সমৰ্থন আগবঢ়াইছিল । তেওঁ স্পষ্ট কৰিছিল যে তেওঁ এই কাৰণতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল যে ইয়াৰ ফলত ভোট বিভাজন ঘটিলহেঁতেন ।

"মই কংগ্ৰেছ দলক সমৰ্থন আগবঢ়াইছোঁ, কাৰণ দলটোৱে তেলেংগানা বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে... কেচিআৰে তেওঁৰ 9 বছৰৰ কাৰ্যকালত জনসাধাৰণক দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা নাই । আৰু এইটোৱেই একমাত্ৰ কাৰণ, যাৰ বাবে মই কেচিআৰ ক্ষমতালৈ অহাটো নিবিচাৰোঁ... মই ৱাইএছআৰৰ জীয়ৰী হিচাপে কংগ্ৰেছৰ সুযোগ নষ্ট কৰিব নিবিচাৰোঁ ।" তেলেংগানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া এক বিবৃতিত তেওঁ কয় ।

ইয়াৰ উপৰি তেওঁৰ সমৰ্থনৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে তেলেংগানাৰ ৩১ খন আসনত কংগ্ৰেছ দলৰ বিজয়ৰ মুখ্য কাৰণ হৈছে তেওঁলোক প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থকাটো । তেওঁ কয়, "৫৫ টাতকৈও অধিক সমষ্টিত মই কংগ্ৰেছৰ ভোট বেংকক প্ৰভাৱিত কৰিব পাৰোঁ আৰু ২০ টাতকৈও অধিক সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছ পৰাস্ত হোৱাৰ সম্ভাৱনা আছিল ।"

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৱাইএছ শৰ্মিলাক কংগ্ৰেছক এক গুৰুত্বপূৰ্ণ পদবী দিয়া হ'ব পাৰে বুলি অনুমান কৰা হৈছে । আনহাতে, শৰ্মিলাই অহা বছৰ অনুষ্ঠিত হ'বলগীয়া অন্ধ্ৰপ্ৰদেশৰ নিৰ্বাচনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে । কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে তেলেংগানাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে 119 খন আসনৰ ভিতৰত 64 খন আসনত জয়লাভ কৰে । আনহাতে, ১০ বছৰ ধৰি ৰাজ্য শাসন কৰা দেশৰ আটাইতকৈ কম বয়সীয়া ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ৩৮ খন আসন লাভ কৰে ।

লগতে পঢ়ক :নাগৰিকত্ব (সংশোধনী) আইন মুছলমান, দলিত আৰু দুখীয়া লোকৰ বিৰোধী: আছাদুদ্দিন ওৱেচি

ABOUT THE AUTHOR

...view details