অসম

assam

By

Published : Mar 23, 2021, 8:57 AM IST

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী আৱাস যোজনাত দূৰ্নীতিৰ অভিযোগ কলকাতাৰ মহিলাৰ

কলিকতাৰ পৌৰ নিগমৰ অধীনৰ ৭১ৱাৰ্ডৰ মংগলানা লেনৰ এটা ভাড়া ঘৰত বসবাস কৰা লক্ষ্মী দেৱী নামৰ মহিলা গৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দূৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দূৰ্নীতি
এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দূৰ্নীতি

নেশ্যনেল ডেস্ক, 23মাৰ্চ:এইবাৰ দেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দূৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ কৰা মহিলাগৰাকী হৈছে লক্ষ্মী দেৱী ৷ লক্ষ্মী দেৱীয়ে কলকাতা পৌৰ নিগমৰ অধীনত ৭১ ৱাৰ্ডৰ মংগলানা লেনৰ এটা ভাড়া ঘৰত বসবাস কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কিছু বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত এটা বিজ্ঞাপন প্ৰকাশ পাইছিল ৷ য’ত মহিলাগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰি হাঁহি মুখেৰে ফটো উঠা পৰিলক্ষিত হৈছে ৷ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ২৪ টা পৰিয়াল উপকৃত হৈছে । কিন্তু পৰিতাপৰ বিষয় যে, লক্ষ্মী দেৱী নামৰ মহিলা গৰাকীয়ে এই তথ্য নাকচ কৰিছে ৷ কিয়নো কলিকতাৰ পৌৰ নিগমৰ অধীনৰ ৭১ ৱাৰ্ডৰ মংগলানা লেনৰ এটা ভাড়া ঘৰত বসবাস কৰা মহিলা গৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা নাই বাসগৃহ নাইবা অন্য কোনো সুবিধায়ে ৷

আনকি লক্ষ্মী দেৱীয়ে জনোৱা মতে, তেওঁক কোনে, কেতিয়া, কেনেকৈ এই বিশেষ ফটোখন তুলিছিল, সেই সম্পৰ্কেও জ্ঞাত নহয় ৷ বিভাগীয় কৰ্তৃপক্ষ বা কোনো লোকেও এই ফটোখন তোলাৰ বাবে অনুমতিও ল’বলৈ তেওঁ কাষলৈ অহা নাছিল বুলি ভুক্তভোগী মহিলা গৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক:বিজেপি-আইপিএফটিৰ বাজেটক লৈ সুখী নহয় জ্যেষ্ঠ কংগ্ৰেছী নেতা মানিক দেৱ

For All Latest Updates

ABOUT THE AUTHOR

...view details