অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ নিৰ্বাচন: সোমবাৰে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

ইতিমধ্যে পশ্চিমবংগত অনুষ্ঠিত হ’ব সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ উল্লেখ্য যে, মুঠ 8 টা পৰ্যায়ত 34 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে পশ্চিমবংগৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 34 টা সমষ্টিৰ ভিতৰত 9 টা বিধানসভা সমষ্টি মুৰ্চিদাবাদ আৰু পশ্চিম বৰ্ধৱানত, 6 টা দক্ষিণ দিনাজপুৰ আৰু মালদাত আৰু 4 টা কলকাতাত অন্তৰ্ভূক্ত ।

সোমবাৰে পশ্চিম বংগত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ
সোমবাৰে পশ্চিম বংগত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

By

Published : Apr 26, 2021, 8:46 AM IST

নেশ্যনেল ডেস্ক,26 এপ্ৰিল:ইতিমধ্যে পশ্চিমবংগত অনুষ্ঠিত হ’ব সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ উল্লেখ্য যে, মুঠ 8 টা পৰ্যায়ত 34 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে পশ্চিমবংগৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 34 টা সমষ্টিৰ ভিতৰত 9 টা বিধানসভা সমষ্টি মুৰ্চিদাবাদ আৰু পশ্চিম বৰ্ধৱানত, 6 টা দক্ষিণ দিনাজপুৰ আৰু মালদাত আৰু 4 টা কলকাতাত অন্তৰ্ভূক্ত ।

প্ৰাপ্ত তথ্য অনুসৰি, সপ্তম পৰ্যায়লৈকে বিভিন্ন ৰাজনৈতিক দলৰ 268 জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে, যাৰ ভিতৰত 37 গৰাকী আছে প্ৰাৰ্থী মহিলা । পশ্চিমবংগ নিৰ্বাচনৰ 34 টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 81,96,242 গৰাকী ৷ ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা 42,00,447 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 39,88,239 গৰাকী ৷

আনহাতে, মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 11,376 টা ৷ ইয়াৰে 8,634 টা মুখ্য আৰু 2,742 টা সহায়ক বুথ অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে, 80 ঊৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে 1,01,069 গৰাকী আৰু 50,919 গৰাকী প্ৰতিবন্ধী ভোটাৰ । আনহাতে, মুঠ 11,376টা বুথৰ ভিতৰত 5,028 টা বুথ কেন্দ্ৰক অতি স্পৰ্শকাতৰ বুলি গণ্য কৰা হৈছে ৷ সপ্তম পৰ্যায়ৰ নিৰ্বাচনত 653 টা কেন্দ্ৰীয় সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে ৷

লগতে পঢ়ক:ৰাজস্থানৰ নাগৌৰত উদ্ধাৰ ২৫টা মৃত ময়ূৰ

ABOUT THE AUTHOR

...view details