নেশ্যনেল ডেস্ক,২৩ এপ্ৰিল:দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে কালৰূপ ধাৰণ কৰিছে । ইয়াৰ মাজতে দেশত ক'ভিড ৰোগী আৰু পৰিয়ালে বিভিন্ন হাৰাশাস্তি ভোগ কৰিবলগীয়া হোৱা বুলিও এক অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতেকলকাতাত চাঞ্চল্যকৰ ঘটনা । উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু এগৰাকী ক'ভিড আক্ৰান্ত মহিলাৰ । মৃত্যুৰ ১৫ ঘণ্টাৰ পিছতো প্ৰশাসনৰ লোকে এবাৰলৈ খবৰ নোলোৱাৰ অভিযোগ উঠিছে ।
উল্লেখ্য যে বুধবাৰে মহিলাগৰাকীয়ে দেহত কৰ'ণাৰ কিছু লক্ষণ দেখাৰ পিছতে ৰেপিড এণ্টিজেন পৰীক্ষা কৰিছিল । তাইৰ পৰীক্ষাৰ ফলাফল অহা নাছিল যদিও পিছদিনা পুৱালৈ তাই শ্বাস-প্ৰশ্বাসত কষ্ট পাবলৈ আৰম্ভ কৰিছিল । কিন্তু পজিটিভ ফলাফল অহা নাছিল বাবে তাইক কোনো হাস্পতালে ভৰ্তি কৰিব বিচৰা নাছিল ।