নেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী: নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে চিচিবিৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে দুজন নাইজেৰিয়ান ড্ৰাগছ ব্যৱসায়ী । গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে জন এগৱাউট, ভেণ্ট এজিমোফাৰ ৷ দুয়োজন ব্য়ৱসায়ীক ৰামমূৰ্তি আৰক্ষী চকীৰ পৰিসৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । তেওঁলোকৰ ভিছাৰ ম্যাদ উকলি গৈছিল, কিন্তু তেওঁলোক বাংগালোৰত আছিল । তেওঁলোকৰ পৰা জব্দ কৰা হৈছিল ১৫ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী । এই সন্দৰ্ভত চিচিবি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
বেংগালুৰুত গ্ৰেপ্তাৰ নাইজেৰিয়ান ড্ৰাগছ ব্যৱসায়ী
চিচিবিৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে দুজন নাইজেৰিয়ান ড্ৰাগছ ব্যৱসায়ী । ভিছাৰ ম্যাদ উকলি যোৱা নাইজেৰিয়ান ব্যক্তি দুজনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তদন্ত ৷
বেংগালুৰুত গ্ৰেপ্তাৰ নাইজেৰিয়ান ড্ৰাগছ ব্যৱসায়ী