নেশ্যনেল ডেস্ক,৮ জুন:ত্ৰিপুৰাৰ খাদ্যমন্ত্ৰী মনোজ কান্তি দেৱ আৰু স্থানীয় বিজেপি নেতাৰ ওপৰত গুৰুতৰ অভিযোগ চিপিআই(এম) দলৰ । ধলাই জিলাৰ অন্তৰ্গত কমলপুৰ উপ সংমণ্ডলৰ স্থানীয় চিপিআইএম নেতা আৰু তেওঁলোকৰ দলৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে বিজেপি নেতাজনৰ বিৰুদ্ধে । এক প্ৰেছ বিবৃতিযোগে খাদ্যমন্ত্ৰী আৰু তেওঁৰ সমষ্টিৰ মণ্ডল সভাপতি শ্যামল পলৰ বিৰুদ্ধে দলীয় কাৰ্যালয় আৰু তেওঁলোকৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ অভিযোগ কৰিছে চিপিআই(এম) দলে ।
লগতে বিবৃতিত উল্লেখ কৰা মতে দুৰ্বৃত্তই চিপিআই(এম)ৰ স্থানীয় সমিতিৰ সম্পাদক অমৰ ভট্টাচাৰ্য, এছএফআইআই(SFII) কমলপুৰ সমিতিৰ সম্পাদক ৰাজা মজুমদাৰ, জ্যেষ্ঠ কৃষক শাখাৰ নেতা ভোলা মজুমদাৰ আৰু ডিৱাইএফআই (DYFI) কৰ্মী সুমংগল দে'ৰ ঘৰক লক্ষ্য কৰি লৈছিল । আক্ৰমণকাৰীয়ে প্ৰৱেশদ্বাৰ ভাঙি ব্যক্তিগত সম্পত্তি লণ্ডভণ্ড কৰাৰ লগতে মূল্যৱান সামগ্ৰী লুটি লৈ যোৱাৰো অভিযোগ তুলিছে ।