নেশ্যনেল ডেস্ক, ২৮ জুলাই :ত্ৰিপুৰা চৰকাৰৰ বিভিন্ন তথ্য ভুলকৈ উপস্থাপন কৰা হৈছে সামাজিক মাধ্যমত । অভিযোগ অনুসৰি কাৰিকৰী শিক্ষাৰে শিক্ষিত এটা বিশেষ গোটে গুগল এলগৰিথম(google algorithm) আৰু ৱিকিপিডিয়া (wikipedia) ৰ সম্পাদনাত হেৰফেৰ কৰি ত্ৰিপুৰা সন্দৰ্ভত চাৰ্জ ইঞ্জিনৰ (search engine) ফলাফলক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰি আছে ৷ ইতিমধ্যে এই বিষয়ক লৈ শংকিত হৈছে ত্ৰিপুৰা চৰকাৰ ।
চৰকাৰৰ তথ্য প্ৰযুক্তি সঞ্চালকালয়ে চৰকাৰী বিৱৰণ উলংঘনৰ বিৰুদ্ধে গুগলৰ ওচৰত এটা আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে । বিশেষ সূত্ৰই জনোৱা মতে এই গোটবোৰে জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ ভুল তথ্য আৰু উৰাবাতৰি বিয়পোৱাৰ চেষ্টা কৰিছে । সূত্ৰটোৱে প্ৰকাশ কৰা মতে গোটটোৱে চাৰ্জ ইঞ্জিনৰ ফলাফল নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষামন্ত্ৰী ৰতন লাল নাথ (Ratan Lal Nath), মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ (Biplab Kumar Deb) আৰু অন্যান্য মন্ত্ৰীসকলৰ ৱিকিপিডিয়া পৃষ্ঠাত উপলব্ধ বিৱৰণ বহুবাৰ সলনি কৰিছে ।
তেওঁলোকৰ কাৰ্যসূচীসমূহ আগুৱাই নিয়াৰ স্বাৰ্থত আনকি তেওঁলোকে নিজৰ কী ৱৰ্ড সন্নিৱিষ্ট কৰিছে ।
সূত্ৰটোৱে জনোৱা মতে চৰকাৰে গুগল (Google) কৰ্তৃপক্ষৰ সন্মুখত বিষয়টো ফ্লেগ কৰিছে কিয়নো এনে ধৰণৰ বিষয়বোৰে গুৰুতৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, যোৱা সপ্তাহত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক চাৰ্জ কৰাৰ সময়ত গুগলত ফলাফল হিচাপে ৰাজহ মন্ত্ৰী এন চি দেৱবাৰ্মাৰ (N C Debbarma) নাম দেখুওৱা হৈছিল । ইয়াৰ পূৰ্বে জিষ্ণু দেৱবৰ্মা (Jishnu Debbarma) আৰু ৰতন লাল নাথেও ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে ।