অসম

assam

By

Published : Dec 13, 2021, 8:31 PM IST

ETV Bharat / bharat

মৎস্য উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰী জলাশয়ৰ নতুন লীজ নীতি

ত্ৰিপুৰাত জলাশয়সমূহক অধিক উৎপাদনক্ষম কৰি মৎস্য উৎপাদন বৃদ্ধি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে নতুন লীজ নীতি (water bodies leasing policy Tripura) ৷ জানো আহক কি আছে 'Lease Policy for Government-owned water bodies of Tripura 2021’ শীৰ্ষক এই নতুন নীতিখনত ৷

tripura-formulated-lease-policy-for-government-owned-water-bodies
মৎস্য উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰী জলাশয়ৰ নতুন লীজ নীতি

আগৰতলা, ১৩ ডিচেম্বৰ : ত্ৰিপুৰা চৰকাৰে ৰাজ্যজুৰি সকলো জলাশয়ৰ বহনক্ষম ব্যৱহাৰৰ বাবে 'Lease Policy for Government-owned water bodies of Tripura 2021’ নামৰ এক লীজ নীতি প্ৰস্তুত কৰিছে । এই সম্পৰ্কত এখন সংবাদমেল সম্বোধন কৰি জনজাতীয় কল্যাণ তথা মীন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়া(Tripura minister Mevar Kumar Jamatia )ই কয়, 'Lease Policy for Government-owned water bodies of Tripura 2021’ শীৰ্ষক বৈজ্ঞানিক পিচিকালচাৰৰ বাবে উপযুক্ত সকলো চৰকাৰী ভূমিক জলাশয়ৰ বহনক্ষম ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হৈছে ।

মেভাৰে পুনৰ কয় যে, বৰ্তমান ৰাজ্যখনৰ চৰকাৰী ভূমিত ৬৪৫.৫৪ হেক্টৰ এলেকা থকা ১৫০২ টা জলাশয় আছে যিবোৰ মাছ উৎপাদনৰ ক্ষেত্ৰত সঠিক ৰূপত ব্যৱহাৰ হোৱা নাই । বিভিন্ন বিভাগৰ মালিকানাধীন ভূমিত অদূৰ ভৱিষ্যতে জলাশয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । এই জলাশয়সমূহক সম্পূৰ্ণ উৎপাদনৰ সম্ভাৱনাৰ সৈতে ব্যৱহাৰ কৰিলে ৰাজ্যখনত মৎস্য উৎপাদন বহুগুণে বৃদ্ধি হ'ব(Tripura minister Mevar on fish production) ।

তেওঁ লগতে কয় যে, বৰ্তমানৰ লীজ নীতিৰ পূৰ্বে চৰকাৰী ভূমিত থকা জলাশয়সমূহৰ সকলোতে প্ৰযোজ্য কোনো লীজিং নীতি নাই(water bodies leasing policy Tripura) । ৰাজ্য চৰকাৰৰ অধীনত বিভিন্ন বিভাগৰ প্ৰয়োজনীয়তা অনুসৰি, জলাশয়সমূহ তেওঁলোকৰ অধীনত ব্যৱহাৰ কৰা হৈছে । ফলস্বৰূপে, সাম্ভাব্য সম্পদবোৰক উলাই কৰা হৈছে যাক মৎস্য উৎপাদন, উপাৰ্জন আৰু অধিক নিযুক্তি প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন ।

লগতে পঢ়ক :Harnaaz Sandhu crowned Miss Universe 2021 : 21 বছৰৰ মূৰত ভাৰতীয় সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ

ABOUT THE AUTHOR

...view details