অসম

assam

National Food Security Act award: ত্ৰিপুৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা পুৰস্কাৰ

ভাৰত চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন সূচক ২০২২ মুকলি কৰিছে । এইবাৰ ত্ৰিপুৰাক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পুৰস্কৃত কৰা হৈছে (Tripura bags National Food Security Act award)।

By

Published : Jul 19, 2022, 8:43 PM IST

Published : Jul 19, 2022, 8:43 PM IST

j
National Food Security Act award : ত্ৰিপুৰাক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা পুৰস্কাৰ

আগৰতলা,১৯ জুলাই:ভাৰত চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন সূচক ২০২২ মুকলি কৰিছে । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA) আৰু লক্ষ্যযুক্ত ৰাজহুৱা বিতৰণ প্ৰণালী (TDPS)ৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন সূচক মুকলি কৰা হৈছে (National Food Security Act)। ইয়াৰে অংশৰূপে কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পুৰস্কৃত কৰিছে (Tripura bags National Food Security Act award)।

উল্লেখ্য় যে ত্ৰিপুৰা বিশেষ শ্ৰেণীৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম স্থানত আছে । তদুপৰি ৰাজ্য়খন এই সূচীত দেশৰ ভিতৰত পঞ্চম স্থানত আছে । ত্ৰিপুৰাৰ সূচকৰ নম্বৰ ০.৭৮৮ বুলি উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য়ত প্ৰকাশ কৰা হৈছে । ত্ৰিপুৰা চৰকাৰৰ খাদ্য, জনসংখ্যা আৰু উপভোক্তা পৰিক্ৰমা বিভাগে এই বিষয়ে উল্লেখ কৰিছে ।

মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নগৰাঞ্চলৰ ৫০ শতাংশ আৰু দেশৰ গ্ৰাম্য অঞ্চলৰ ৭৫ শতাংশ লোকক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য সুৰক্ষা প্ৰদান কৰা হৈছে।

লগতে পঢ়ক:Covid cases increase in Tripura: ত্ৰিপুৰা অসামৰিক প্ৰশাসনৰ গণ সজাগতা শিবিৰ, মাস্ক বিতৰণ

ABOUT THE AUTHOR

...view details