নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী :কলকাতাত ৰহস্যজনক ঘটনা । এটা ঘৰৰ ভিতৰত উদ্ধাৰ অৰ্ধগলিত তিনিটাকৈ মৃতদেহ (3 decomposed bodies recovered)। আৰক্ষীয়ে উদ্ধাৰ কৰি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ঘটনাক লৈ কলকাতাত তীব্ৰ উত্তেজনা ৷ দেওবাৰে কলকাতাৰ ৰিজেন্ট পাৰ্ক আৰক্ষী থানাৰ অন্তৰ্গত এটা ভাড়াঘৰত সোণ ব্যৱসায়ীৰ এটা দম্পতী আৰু তেওঁলোকৰ কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় । ঘৰটোৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পাচতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে আৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰে ।
আৰক্ষীয়ে তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে এয়া আত্মহত্যা বুলি সন্দেহ কৰিছে (Suspected suicide case in Kolkata)। অৱশ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । ভাড়াঘৰটোৰ মালিকৰ মতে, পৰিয়ালটো প্ৰায় ৭ মাহ পূৰ্বে সেই ফ্লেটটোলৈ আহিছিল । জানিব পৰা মতে পৰিয়ালটোৱে ঘৰৰ ভাড়া আৰু বিদ্যুতৰ বিল পৰিশোধো কৰিব পৰা নাছিল ।
আৰক্ষীয়ে জনোৱা মতে চুবুৰীয়াসকলে শনিবাৰে নিশা ফ্লেটটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে ঘৰৰ মালিকক অৱগত কৰিছিল । ঘৰৰ মালিক জয়ন্ত মণ্ডলে দেওবাৰে ফ্লেটলৈ গৈছিল । পৰিয়ালটোৱে ফোনৰ কোনো সঁহাৰি নিদিয়াৰ বাবে ঘৰৰ মালিকে ৰিজেন্ট পাৰ্ক আৰক্ষীক খবৰ দিয়ে ।