নেশ্যনেল ডেস্ক, ১৩ মে': সমগ্ৰ দেশতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ সংহাৰ । আন ৰাজ্যৰ লগতে মিজোৰামতো দৈনিক বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ । ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈছে ২৪০ জন লোক । এই সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । নিহত হৈছে এজন লোক । নিহত লোকজন আইজলৰ তানহৰিলৰ বাসিন্দা জেৰুজালেমথাৰা (৪৪) বুলি জানিব পৰা গৈছে । যোৱা ৪ মে'ত মহামাৰী ক'ভিডত আক্ৰান্ত হৈছিল লোকজন । তাৰ ঠিক ৫ দিন পাচত কমিউনিটি ক'ভিড কেন্দ্ৰত আছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত ১০ মে'ত লোক গৰাকীক জেডএমচি আইচিইউত ভৰ্তি কৰোৱা হৈছিল ।
বুধবাৰৰ দিনটোত জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰটিপিচিআৰ গৱেষণাগাৰত মুঠ ১৬৩৮ টা নমুনা পৰীক্ষা কৰা হৈছিল । ইয়াৰে ভিতৰত ১৩১ টা নমুনাত ক'ভিডৰ উপস্থিতি ধৰা পৰে । আনহাতে, True NAT গৱেষণাগাৰত বিভিন্ন জিলাৰ ২৭২ টা নমুনা পৰীক্ষা কৰা হৈছিল । ইয়াৰে ৯ জনক ক'ভিড আক্ৰান্ত হিচাপে চিনাক্ত কৰা হয় । ইফালে, RAgT পৰীক্ষাৰ ১৯৬১ টা নমুনাৰ ভিতৰত ১০০ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ।