অসম

assam

By

Published : Jun 28, 2021, 6:53 PM IST

ETV Bharat / bharat

Telegram ত উপলব্ধ হ’ল Group Video Calling ৰ সুবিধা

টেলিগ্ৰাম (Telegram) ব্যৱহাৰকাৰীৰ বাবে সুখবৰ । এতিয়াৰে পৰা গ্ৰুপ ভিডিঅ' কল (Group Video Calling) ৰ সুবিধা লাভ কৰিব টেলিগ্ৰাম ব্যৱহাৰকাৰীয়ে । এটা গ্ৰুপ ভিডিঅ' কল (Group Video Call) ত বৰ্তমান ৩০ জন ব্যৱহাৰকাৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব ।

Telegram users can connect with video conference calls
এতিয়াৰে পৰা গ্ৰুপ ভিডিঅ' কল কৰিব পাৰিব টেলিগ্ৰাম ব্যৱহাৰীয়ে

নেশ্যনেল ডেস্ক, ২৮ জুন: হোৱাটছএপ (Whatsapp) ৰ দৰেই টেলিগ্ৰাম (Telegram) ব্যৱহাৰকাৰীয়েও এতিয়াৰে পৰা গ্ৰুপ ভিডিঅ' কল (Group Video Call) ৰ সুবিধা লাভ কৰিব । টেলিগ্ৰামৰ আইঅ'এছ(IOS), এণ্ড্ৰইড(Android) আৰু ডেস্কটপ(Desktop) এপৰ শেহতীয়া সংস্কৰণৰ সৈতে মেচেজিং এপটো ব্যৱহাৰকাৰীসকলৰ বাবে ভিডিঅ' কনফাৰেন্স কল (Video Conference Call) ৰ সুবিধা উপলব্ধ কৰোৱা হৈছে । যিকোনো ব্যৱহাৰকাৰীৰ ভিডিঅ' ফীড স্ক্ৰীণত পিন কৰাৰ বিকল্প আছে আৰু দুজনৰ মাজত সংযোগ স্থাপন হোৱাৰ লগে লগে নতুন অংশগ্ৰহণকাৰীও ভিডিঅ' কলত যোগদান কৰিব পাৰে । ব্যৱহাৰকাৰীসকলে আপোনাৰ স্ক্ৰীণ শ্বেয়াৰো কৰিব পাৰিব ।

ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰেজেণ্টেচন অথবা যিকোনো ফটো দেখুৱাই আলোচনা কৰাত সুবিধাজনক হ'ব । একে সময়তে কেমেৰা ফীড আৰু স্ক্ৰীণ দুয়োটা শ্বেয়াৰ কৰাৰ বিকল্প আছে । এটা গ্ৰুপ ভিডিঅ' কলত বৰ্তমান ৩০ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব । টেলিগ্ৰামৰ তৰফৰ পৰা জনোৱা মতে, লাইভ ইভেণ্ট(Live Event) আৰু অন্যান্য নতুন সুবিধা লাভৰ বাবে ভইচ চেট সম্প্ৰসাৰিত কৰাৰ লগে লগে অংশগ্ৰহণকাৰীৰ সংখ্যাও বৃদ্ধি কৰা হ'ব ।

ব্যৱহাৰকাৰীসকলে মোবাইল ফোন, টেবলেট আৰু কম্পিউটাৰৰ জৰিয়তে গ্ৰুপ ভিডিঅ' কলত অংশগ্ৰহণ কৰিব পাৰে । ইয়াৰ পূৰ্বে, টেলিগ্ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভে তেওঁৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত পোষ্ট কৰা এটা বাৰ্তাত উল্লেখ কৰিছিল যে, তেওঁলোকে মে' মাহত ভইচ চেটত এটা ভিডিঅ' কলৰ সুবিধা সংলগ্ন কৰিব ।

ইয়াৰ দ্বাৰা টেলিগ্ৰাম গ্ৰুপ ভিডিঅ' কলৰ বাবে এক শক্তিশালী প্লেটফৰ্ম হৈ পৰিব বুলিও তেওঁ উল্লেখ কৰিছিল । গ্ৰুপ ভিডিঅ' কলিঙৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে আৰু সেয়ে, সম্ভৱতঃ গ্ৰুপ ভিডিঅ' কলৰ সুবিধা নিৰ্ধাৰিত সময়ত আগবঢ়োৱাত পলম হৈছে । কোম্পানীটোৱে জনোৱা মতে, ২০২০ চনৰ এপ্ৰিল মাহত মাহিলী সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা ৪০০ মিলিয়ন হৈছিল । ২০১৮ চনত টেলিগ্ৰাম ব্যৱহাৰকাৰীৰ সংখ্যা ২০০ নিযুত আছিল ।

লগতে পঢ়ক:আজিও অনিশ্চয়তাত ভূ-স্বৰ্গৰ শান্তি

ABOUT THE AUTHOR

...view details