অসম

assam

By

Published : Jan 2, 2023, 10:54 PM IST

ETV Bharat / bharat

Dangri killings: ১৪ ঘণ্টাত দুটাকৈ কূটাঘাটমূলক ঘটনাৰ পাছত ৰাজৌৰীত আজি দিনটোৰ ঘটনাক্ৰমৰ সবিশেষ

জম্মুৰ ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সংঘটিত দুটাকৈ আক্ৰমণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ মাত্ৰ ১৪ ঘণ্টাত দুটাকৈ কূটাঘাটমূলক ঘটনা সংঘটিত হোৱাৰ পাছতেই জিলাখনত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷ ৰাজৌৰী জিলা বন্ধ ৰখাৰ পাছতো আক্ৰমণত নিহত লোকৰ মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ স্থানীয় লোকৰ (Terror attack in Jammu Kashmir) ৷

Dangri killings
ৰাজৌৰীত আজি দিনটোৰ ক‘ত কি ঘটিল

নিউজ ডেস্ক, ২ জানুৱাৰী:জম্মুৰ ডাংগ্ৰী গাঁৱত মাত্ৰ ১৪ ঘণ্টাত সংঘটিত দুটাকৈ আক্ৰমণৰ ঘটনাই ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Terror attack in Jammu Kashmir) ৷ মাত্ৰ এদিন পূৰ্বে অঞ্চলটোত সন্ত্ৰাসবাদী আক্ৰমণত নিহত এজন লোকৰ ঘৰৰ ওচৰত সোমবাৰে সংঘটিত হয় আই ই ডি বিস্ফোৰণ ৷ এই বিস্ফোৰণত এটি ৪ বছৰীয়া শিশু আৰু এগৰাকী মহিলা নিহত হোৱাৰ লগতে তিনিটি শিশুকে ধৰি সাতজন লোক আহত হয় । ইয়াৰ লগতে ডাংগ্ৰী গাঁৱত সন্ত্ৰাসবাদী আক্ৰমণত নিহত লোকৰ সংখ্যা ছয়গৰাকীলৈ বৃদ্ধি পাইছে (Explosion after civilian killings in Dangri) ৷ ৰাজ্যখনৰ কেইবাগৰাকী নেতাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । এই আক্ৰমণৰ শেহতীয়া তথ্যসমূহ এনেধৰণৰ:

1. ৰাজৌৰীত দেওবাৰে চাৰিগৰাকী নাগৰিক নিহত হোৱাৰ ঠিক এদিন পিছতে অৰ্থাৎ সোমবাৰে আইইডি বিস্ফোৰণত দুজন লোক নিহত হয় ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন 9 জন লোক । সন্ত্ৰাসবাদীয়ে পূৰ্বে আক্ৰমণৰ ঘটনা সংঘটিত কৰা স্থানত এজন ভুক্তভোগী ঘৰৰ ওচৰত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে(Dangri killings ) ৷ আজিৰ বিস্ফোৰণত বিহান কুমাৰ নামৰ এটি চাৰি বছৰীয়া শিশু আৰু এগৰাকী ৪০ বছৰীয়া মহিলা নিহত হয় ।

2. প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰা অনুসৰি পুৱা প্ৰায় ৯.৩০ বজাত বিস্ফোৰণটো সংঘটিত হৈছিল (Dangri explosion) ৷ এই বিস্ফোৰণস্থলীত দেওবাৰে আক্ৰমণৰ ভুক্তভোগীৰ আত্মীয়সহ কেইবাজনো লোক আছিল । তেওঁলোক ক্ৰমে চানবী শৰ্মা (৪), কনয়া শৰ্মা (১৪), ভাংশু শৰ্মা (১৫), সমীক্ষা দেৱী (২০), শাৰদা দেৱী (৩৮), কমলেশ দেৱী (৫৫) আৰু সমীক্ষা শৰ্মা ৷ সম্প্ৰতি তেওঁলোক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

3. ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াৰ (National Investigation Agency) এটা দলে প্ৰাৰম্ভিক তদন্ত কৰিবলৈ ডাংগ্ৰীত উপস্থিত হৈছে ৷ জম্মুৰ এডিজিপি মুকেশ সিঙে জানিবলৈ দিয়া অনুসৰি সম্প্ৰতি সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ আৰক্ষী, সেনা আৰু চিআৰপিএফৰ বিষয়াসকলে দুয়োটা আক্ৰমণৰ লগত জড়িত লোকসকলক বিচাৰি বৃহৎ তালাচী অভিযান আৰম্ভ কৰিছে । এই অভিযান অধিক তীব্ৰতৰ কৰিবলৈ নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা হৈছে ।

4. দেওবাৰৰ আক্ৰমণৰ অভিযুক্ত সন্ত্ৰাসবাদী দুটাই ইজনে সিজনৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত অৱস্থান কৰি তিনিটা ঘৰলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল ৷ এই ঘটনাত চাৰিজন লোক নিহত হয় আৰু ছয়জন গুৰুতৰভাৱে আহত হয় । শান্তিপূৰ্ণ জম্মু অঞ্চলত বিগত কেইবাবছৰৰ পাছত সংঘটিত এইটো প্ৰথম আক্ৰমণৰ ঘটনা ৷ নতুন বছৰৰ প্ৰথম দিনাই সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা ৷

5. প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, সন্ত্ৰাসবাদীকেইটাই সন্ধিয়া প্ৰায় ৭ বজাত গাঁওখনত উপস্থিত হৈছিল আৰু প্ৰায় ১০ মিনিট সময় নিৰ্বিচাৰ গুলীচালনা কৰিছিল । সন্ত্ৰাসবাদী দুটাই ইয়াৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল । এই গুলি চালনাত মুঠ ১০ জন লোক আহত হৈছিল । ইয়াৰে তিনিজনক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পাছত মৃত ঘোষণা কৰা হয় ৷ আনহাতে এজন চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ নিহতসকলক সতীশ কুমাৰ (৪৫), দীপক কুমাৰ (২৩), প্ৰীতম লাল (৫৭) আৰু শিশু পাল (৩২) বুলি চিনাক্ত কৰা হৈছে ।

6. এই দুয়োটা আক্ৰমণৰ ঘটনা মাত্ৰ ১৪ ঘণ্টাৰ ভিতৰত সংঘটিত হৈছিল ৷ ৰাজৌৰীত সম্পূৰ্ণ বন্ধ ৰখাৰ পাছতো ক্ষুদ্ধ স্থানীয় লোকসকল ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে আক্ৰমণত নিহতসকলৰ মৃতদেহ লৈ ডাংগ্ৰী চকত একত্ৰিত হৈছিল আৰু পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ তেওঁলোকে ৰাজ্যপাল লেফটেনেণ্ট মনোজ সিনহাক প্ৰতিবাদস্থলীলৈ আহিবলৈ দাবী জনায় । আনহাতে জিলাখনৰ আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত প্ৰশাসনৰ তৰফৰ পৰা সংবেদনশীল এলেকাসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷

7. ৰাজ্যপাল লেফটেনেণ্ট মনোজ সিনহাই ঘটনাত নিহত লোকসকলৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ অনুদান আৰু পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰি নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে । তেওঁ টুইটযোগে এই আক্ৰমণৰ লগত জড়িতসকলক উচিত শাস্তি প্ৰদানৰ কথা উল্লেখ কৰে । ইয়াৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষত আহতসকলক প্ৰয়োজনীয় চিকিৎসা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷

8. আনহাতে ডাংগ্ৰী গাঁৱৰ গাঁওবুঢ়া দীপক কুমাৰে আৰক্ষী আৰু নিৰাপত্তা সংস্থাৰ ত্ৰুটিৰ বাবেই এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ দাবী কৰিছিল ৷ তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে সুৰক্ষিত অনুভৱ নকৰাৰ কথা ব্যক্ত কৰি প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায় ৷ আনহাতে জম্মুৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে শেহতীয়াকৈ জম্মু-কাশ্মীৰত চৰকাৰী বাহিনীৰ 'সক্ৰিয় দৃষ্টিভংগীৰ' বাবে উগ্ৰবাদ হ্ৰাস পাইছে বুলি কৰা মন্তব্যৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী স্থানীয় লোকসকল ৷

9. আনহাতে আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে আজি ৰাজৌৰী আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে ৷ তেওঁ লগতে এই আক্ৰমণৰ লগত জড়িতসকলক যিমান সম্ভৱ সোনকালে আটক কৰি কঠোৰতম শাস্তি বিহাৰ আশ্বাস দিয়ে(Dilbagh Singh assured to arrest the killers soon) । তেওঁ এই ঘটনাক গৰিহণা দি তেওঁ ইয়াক 'মানৱতাৰ হত্যা' বুলি অভিহিত কৰি ইয়াৰ লগত জড়িতসকলক কেতিয়াও ক্ষমা নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

10. কাশ্মীৰৰ কেইবাজনো ৰাজনৈতিক নেতাই এই হত্যাকাণ্ডক গৰিহণা দিয়ে ৷ তেওঁলোকে লগতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ চাৰি বছৰ ৰখাৰ পিছতো সন্ত্ৰাসবাদ আঁতৰ কৰাত ব্যৰ্থ হোৱাৰ বাবে লেফটেনেণ্ট মনোজ সিনহা নেতৃত্বাধীন প্ৰশাসনক সমালোচনা কৰে । জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা, নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লা, পিডিপিৰ সভাপতি মেহবুবা মুফতি, পিপলছ কনফাৰেন্সৰ নেতা চাজাদ লোন আৰু আলতাফ বুখাৰী নেতৃত্বাধীন আপনি পাৰ্টিৰ কেইবাজনো নেতাই টুইটযোগে চৰকাৰক সমালোচনা কৰাৰ লগতে এই হত্যাকাণ্ডক নিন্দা কৰে ৷

লগতে পঢ়ক:Rajouri militant attack: ৰাজৌৰী বিস্ফোৰণত জড়িত দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰৰ আশ্বাস DGP দিলবাগ সিঙৰ

ABOUT THE AUTHOR

...view details