নেচনেল ডেস্ক, 16 জুন : বংগৰ প্ৰাক্তন মন্ত্ৰী শোভন চেটাৰ্জী আৰু বান্ধৱী বৈশাখীৰ সম্পৰ্কই ছচিয়েল মিডিয়াত দিনজুৰি চৰ্চা লাভ কৰিছে ৷ দীৰ্ঘদিন ধৰি বৈশাখীয়ে শোভনৰ মনত বাস কৰি আহিছিল ৷ মঙলবাৰে নিশা বান্ধৱী বৈশাখীৰ ফেচবুক একাউণ্টৰ নাম হঠাতে 'বৈশাখী শোভন বেনাৰ্জী' লৈ সলনি হয় ৷ বৈশাখী বেনাৰ্জীয়ে শোভন চেটাৰ্জীৰ লগত একেলগত হাঁহি থকা এখন ফটো প্ৰ'ফাইলত যোগ কৰে ৷ মাজনিশা বৈশাখীৰ ফেচবুক প্ৰ'ফাইলত সলনি কৰা এখন ফটোৱে সকলোকে আচম্বিত কৰি তুলিছে ৷
উল্লেখ্য যে, ইতিপূৰ্বেও দুয়োজনে সদায় কাপোৰ ৰং মিলাই পিন্ধা, বৈশাখীৰ বাবে বিজেপি ত্যাগ কৰা, বৈশাখীৰ কাষত বহি পত্নী ৰত্নাক ব্যভিচাৰী বুলি কোৱা আদি বিষয় লৈ শিৰোনাম দখল কৰি আহিছিল ৷ শোভন চেটাৰ্জীয়ে প্ৰেয়সী বৈশাখীক যে কেৱল মনত স্থান দিছে তেনে নহয় ৷ সম্পৰ্কটোক সন্মান কৰা স্বাৰ্থত শোভান চেটাৰ্জীয়ে তেওঁৰ সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তি প্ৰেমিকা বৈশাখী বেনাৰ্জীৰ নাম কৰি দিয়ে ৷