অসম

assam

By

Published : Jan 9, 2021, 12:25 PM IST

ETV Bharat / bharat

কৃষক আন্দোলন সন্দৰ্ভত দলীয় নেতাৰে বৈঠকত মিলিত হ'ব ছোনীয়া গান্ধী

দিল্লীত অব্যাহত থকা কৃষকসকলৰ আন্দোলন সন্দৰ্ভত শনিবাৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধীয়ে দলৰ সাধাৰণ সম্পাদক আৰু বিষয়ববীয়াৰে এক বৈঠকত মিলিত হ'ব । সূত্ৰ অনুসৰি, পৰিস্থিতি সন্দৰ্ভত আলোচনা আৰু কৃষক আন্দোলনৰ সমৰ্থনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰা হ'ব ।

ছোনিয়া গান্ধী
ছোনিয়া গান্ধী

নিউজ ডেস্ক, ৯ জানুৱাৰী: দিল্লীত অব্যাহত থকা কৃষকসকলৰ আন্দোলন সন্দৰ্ভত শনিবাৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধীয়ে দলৰ সাধাৰণ সম্পাদক আৰু বিষয়ববীয়াৰে এক বৈঠকত মিলিত হ'ব । সূত্ৰ অনুসৰি, পৰিস্থিতি সন্দৰ্ভত আলোচনা আৰু কৃষক আন্দোলনৰ সমৰ্থনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰা হ'ব ।

ছেপ্তেন্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষকৰ স্বাৰ্থ বিৰোধী আইন প্ৰত্যাহাৰৰ দাবীত কৰা আন্দোলনৰ সমৰ্থন জনাই আহিছে কংগ্ৰেছেও । ইয়াৰ বিৰোধীতাৰে সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি কৰিব বুলিও কয় ।

ইতিপূৰ্বে গান্ধীয়ে এক মন্তব্য কৰি মোডী নেতৃত্বাধীন চৰকাৰখনক সমোলোচনা কৰি কৈছিল যে স্বাধীনতাৰ পাচৰে পৰা দেশ শাসন কৰা চৰকাৰৰ ভিতৰত এইখন চৰকাৰেই আটাইতকৈ অহংকাৰী চৰকাৰ । লগতে এই আইনক বাতিল কৰি ৰাজ ধৰ্ম পালন কৰিবলৈ আহ্বান জনায় ।

ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাইও শুকুৰবাৰে তিনি নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ ভিন্ন প্ৰান্তত অব্যাহত থকা কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য় কৰি কৈছিল যে এই আইনখন বাতিল কৰিবই লাগিব ।

উল্লেখ্য যে, শুকুৰবাৰে কৃষক সংঘ আৰু কেন্দ্ৰৰ অষ্টম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু পৰৱৰ্তী বৈঠক ১৫ জানুৱাৰীত অনুষ্ঠিত হ'ব ।

কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পিচৰে পৰাই দেশৰ কৃষকসকলে মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইন বাতিলৰ দাবীৰে আন্দোলন চলাই আহিছে । বিশেষকৈ পঞ্জাৱ, হাৰিয়াণাক কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে অধিক সৰৱ হৈ তীব্ৰ আন্দোলন চলাই আহিছে ।

দিল্লী চলো কাৰ্যসূচী লৈ পঞ্জাৱ, হাৰিয়াণাৰ কৃষকসকল ৰাজধানী দিল্লীলৈ আহিছে প্ৰতিবাদ কৰিবলৈ । তেওঁলোকক বাধা দিবলৈ হাৰিয়াণা আৰু দিল্লী সীমান্তত আৰক্ষী প্ৰশাসনে প্ৰৱল চেষ্টা চলোৱাতো বিফল হয় প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ।

লগতে পঢ়ক: প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ABOUT THE AUTHOR

...view details