নিউজ ডেস্ক, 24 আগষ্ট :অহা দুটা মাহৰ ভিতৰত অৰ্থাৎ অক্টোৱৰৰ ভিতৰত তীব্ৰ হোৱাৰ সম্ভাৱনা ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰভাৱ ৷ ক’ভিডৰ তৃতীয় ঢৌৱে শিশুসকলৰ লগতে বয়োজ্যেষ্ঠ সকলকো প্ৰভাৱান্বিত কৰিব ৷ এই সতৰ্কবাণী প্ৰদান কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানে ৷ কিন্তু বিশেষজ্ঞসকলক সবাতোকৈ চিন্তিত কৰিছে শিশু ৰোগৰ সুবিধাসমূহ, চিকিৎসক, চিকিৎসা কৰ্মী, চিকিৎসা সামগ্ৰী আদি প্ৰয়োজনৰ তুলনাত কম পৰিমাণে উপলব্ধ হোৱাৰ বিষয়টোৱে ৷ কাৰণ ক’ভিডৰ তৃতীয় ঢৌৱে শিশুসকলক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনা অধিক ৷
কমিটীখনে এই সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ক এক প্ৰতিবেদন প্ৰদান কৰি গৃহ মন্ত্ৰণালয়ৰ সহায় বিচাৰিছে ৷ শিশুসকল বিশেষকৰৈ কম’ৰ্ডিবিটি আৰু বিকলাংগ শিশুসকলৰ বাবে ক’ভিড ভেকচিন উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত ৷ 'Third Wave Preparedness: Children Vulnerability and Recovery' নামেৰে চলোৱা এক অধ্যয়নত কেন্দ্ৰই যুদ্ধকালীন তৎপৰতাৰে জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ৷
এই অধ্যয়নৰ দ্বাৰা সতৰ্ক কৰি কোৱা হৈছে, ক’ভিডৰ তৃতীয় ঢৌৱে বয়সৰ সীমা পাৰ কৰি শিশুসকলকো ডাঙৰসকলৰ দৰেই প্ৰভাৱান্বিত কৰিব ৷ ইয়াৰ মাজতে একাংশই 12-16 সপ্তাহৰ ভিতৰত দেশক ক’ভিডৰ তৃতীয় ঢৌৱে চুই যাব বুলি শংকা ব্যক্ত কৰাৰ মাজতে একাংশ আকৌ চিন্তিত হৈ পৰিছে যে হয়তো এনে নতুন প্ৰৱাহ আহিব যিয়ে ক’ভিড প্ৰতিষেধকৰ ক্ষমতাক হ্ৰাস কৰি দিব ৷
লগতে পঢ়ক :কৰ'ণাৰ তৃতীয় ঢৌৱে শিশুসকলক আক্ৰান্ত কৰিব নেকি ?
চৰকাৰে জুলাই আগষ্টৰ ভিতৰত 12ৰ পৰা 18 বছৰৰ শিশুসকলৰ বাবে ক’ভিড ভেকচিন উপলব্ধ হ’ব বুলি জানিবলৈ দিছিল ৷ National Technical Advisory Group on Immunisation (NTAGI)ৰ অধ্যক্ষ ডাঃ এন কে অৰোৰাই কৈছে যে ইতিমধ্যে Zydus-Cadilaৰ ট্ৰায়েল প্ৰায়েই সম্পূৰ্ণ হৈছে ৷ অতিশীঘ্ৰে Drug Controller General of Indiaৰ অনুমোদন লাভ কৰিলেই 12ৰ পৰা 18 বছৰৰ শিশুসকলৰ বাবে ক’ভিড ভেকচিন উপলব্ধ কৰোৱা হ’ব বুলি ভাৰত চৰকাৰে উচ্চতম ন্যায়ালক জানিবলৈ দিয়া বুলিও কয় ডাঃ এন কে অৰোৰাই ৷
আনহাতে, AIIMSৰ ডাইৰেক্টৰ ডাঃ ৰনদ্বীপ গুলেৰিয়াৰ মতে ভাৰত বায়’টেকৰ কোভিক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ ৰিপ’ৰ্ট অহাৰ পিছতেই ছেপ্টেম্বৰৰ ভিতৰত ভাৰতত শিশুসকলৰ বাবে উপলব্ধ হ’ব এই প্ৰতিষেধক ৷ ইয়াৰ উপৰিও Pfizer ভেকচিনো (বিশ্বজুৰি শিশুসকলক প্ৰদান কৰা একমাত্ৰ ক’ভিড ভেকচিন) ভাৰতত ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিলেই শিশুসকলৰ বাবে উপলব্ধ হ’ব ৷
মুঠৰ ওপৰত শিশুসকলক ক’ভিডৰ প্ৰতিষেধক প্ৰদান; ক’ভিড-19 বিৰোধী যুঁজখনত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ৷ শিশুসকলে পুনৰবাৰ মুকলিভাৱে শিক্ষাগ্ৰহণ আৰম্ভ কৰিব পাৰিব, বিদ্যালয়লৈ যাব পাৰিব ৷